বিশ্বনাথ, 11 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে বিশ্বনাথতো উদযাপন কৰা হয় ষট পূজা(Chhath Puja) ৷ উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে ইতিমধ্যে সমাপ্ত হয় পূজাভাগ ৷ লগে লগে সামৰণি পৰে সূৰ্যষষ্ঠী ব্ৰত পূজাৰো ৷ জিলাখনৰ বহুকেইটা নৈৰ ঘাটত দেখা গ’ল সূৰ্যক আৰাধনা কৰাৰ বাবে সমবেত হোৱা ভক্তৰ সমাগম ৷
দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথত উদযাপন কৰা হৈছে এই পূজা ৷ এই উৎসৱ বিশেষভাৱে হিন্দীভাষী লোকসকলৰ মাজত প্ৰচলিত ৷ উদয় হোৱা আৰু অস্ত যোৱা সূৰ্যক নমন কৰা একমাত্ৰ উৎসৱ হৈছে এই ষট পূজা ৷ বুধবাৰে বিয়লি 3 বজাৰ পৰা আৰম্ভ হোৱা পূজা ভাগ বৃহস্পতিবাৰে পুৱা 3 বজাত বৰগাং নৈৰ পাৰত সমাপ্ত কৰে ভক্তসকলে ৷ শতাধিক ভক্তই উদিত সূৰ্যক আৰাধনা কৰা পৰিলক্ষিত হয় ৷