বিশ্বনাথ, ১৪ এপ্ৰিল :সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ ভিন্ন প্ৰান্তত উলহ-মালহে পালন কৰা হৈছে গৰু বিহু ৷ পুৱা ভাগত বিশ্বনাথৰ দক্ষণ টেলেঙনিয়া সমীপৰ ব্ৰহ্মপুত্ৰ পাৰত দেখা গ'ল এক উৎসৱ মুখৰ পৰিবেশ ৷ অঞ্চলটোৰ ডেকা সকলে গৰু বিহু উপলক্ষে গৰুক গা ধুৱাবলৈ আহি এক আনন্দ মুখৰ পৰিবেশ সৃষ্টি কৰে ৷
টেলেঙনিয়াৰ ডেকাসকলে পালন কৰিলে গৰু বিহু - assamese cultub=re
সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ ভিন্ন প্ৰান্তত উলহ-মালহে পালন কৰা হৈছে গৰু বিহু ৷ পুৱা ভাগত বিশ্বনাথৰ দক্ষণ টেলেঙনিয়া সমীপৰ ব্ৰহ্মপুত্ৰ পাৰত দেখা গ'ল এক উৎসৱ মুখৰ পৰিবেশ ৷ অঞ্চলটোৰ ডেকা সকলে গৰু বিহু উপলক্ষে গৰুক গা ধুৱাবলৈ আহি এক আনন্দ মুখৰ পৰিবেশ সৃষ্টি কৰে ৷
টেলেঙনিয়াৰ ডেকাসকলে পালন কৰিলে গৰু বিহু
ডেকা সকলে নদীত গৰুক গা ধুওৱাৰ লগতে গৰু বিহুৰ সকলো নীতি নিয়ম সম্পাদন কৰে ৷ গৰুক গা ধুওৱাৰ পাচতে গছতলৰ হুঁচৰি জোৰে ৷ এক কথাত টেলেঙনিয়াৰ ডেকা সকলে সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি আজি পালন কৰে গৰু বিহু ৷
লগতে পঢ়ক: কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ