অসম

assam

ETV Bharat / state

Birth anniversary of Birsa Munda: জামুগুৰিহাটত উদযাপন শ্বহীদ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী

সমগ্ৰ দেশবাসীয়ে আজি সোঁৱৰিছে জনজাতীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাক (Birsa Munda Birth Anniversary) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ মুৰাবস্তীৰ হকমা শ্ৰীশ্ৰী কালিথান প্ৰাংগনতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্বহীদ বীৰছা মুণ্ডাৰ 147 সংখ্যক জন্ম জয়ন্তী (147th birth anniversary of Birsa Munda) ৷

By

Published : Nov 15, 2022, 10:46 PM IST

Birth anniversary of Birsa Munda
জামুগুৰিহাটত উদযাপন শ্বহীদ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী

চতিয়া, 15 নৱেম্বৰ :আজি জনজাতীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ 147 সংখ্যক জন্ম জয়ন্তী (147th birth anniversary of Birsa Munda) ৷ সমগ্ৰ দেশতে আজি অৰ্থাৎ মঙলবাৰে বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীটো ‘‘জনজাতীয় গৌৰৱ দিৱস’’ হিচাবে পালন কৰা হৈছে (Freedom Martyr Birsa Munda) ৷

বাদ পৰি ৰোৱা নাই অসমো ৷ অসমৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে শ্বহীদ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ মঙলবাৰে জামুগুৰিহাটৰ মুৰাবস্তীৰ হকমা শ্ৰীশ্ৰী কালিথান প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বীৰ শ্বহীদগৰাকীৰ জন্ম জয়ন্তী ৷

অসম মুণ্ডা মহাসভা প্ৰাথমিক শাখা, মহিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানৰ আৰম্ভনি কাৰ্যসূচী হিচাবে পুৱা পতাকা উত্তোলন কৰে মুণ্ডা মহাসভাৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ মুণ্ডাই । ইয়াৰ পিছত শ্বহীদ তৰ্পন কাৰ্যসূচীৰ আঁত ধৰে শোণিতপুৰ জিলাৰ প্ৰাক্তন সম্পাদক জগত মুণ্ডাই ।

জামুগুৰিহাটত উদযাপন শ্বহীদ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী

লগতে পঢ়ক :Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক

ইয়াৰ উপৰিও উক্ত অনুষ্ঠানটোত কণ কণ শিশুৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো সাহিত্য, নৃত্য, গীত আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । লগতে দিনৰ প্ৰায় 2 বজাৰ পৰা মুকলি সভা আৰম্ভ কৰা হয় । শোণিতপুৰ জিলাৰ মুণ্ডা মহাসভাৰ প্ৰাক্তন সম্পাদক জগত মুণ্ডাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে মুণ্ডা মহাসভাৰ শোণিতপুৰ জিলা সভাপতি চেনাৰাম মুণ্ডাই ।

লগতে সভাৰ উদ্দেশ্যও ব্যাখ্যা কৰাৰ উপৰিও ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ জীৱন সন্দৰ্ভত চমু ব্যাখ্যা দাঙি জিলা সভাপতিগৰাকীয়ে ৷ ইয়াৰ উপৰিও আমন্ত্ৰিত শিক্ষক ললন ওৰাঙে শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ জন্ম বৃতান্ত আৰু তেখেতৰ কৰ্মময় জীৱন, জাতিৰ বাবে কৰা ত্যাগৰ ওপৰতো বিস্তৃত বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : Birsa Munda Birth Anniversary: মৰাণত বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details