বিশ্বনাথ,21 জানুৱাৰী: মঙলবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰণজিৎ দত্তই নিজ সমষ্টি বিহালীত বহু কেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে । বিধায়ক পুঁজিৰ অধীনৰ লগতে এটা প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ এটা পকী পথৰ লগতে বিধায়কগৰাকীয়ে বিধায়ক পুঁজিৰৰ ৬ টাকৈ আধাৰশিলা স্থাপন কৰে। প্ৰথমে বৰগাং মৰাণ গাঁৱৰ মুক্তাবত ২ লাখ টকা,আৰু চেৰেলীয়া জগন্নাথ মন্দিৰৰ ১.৫০ টকা,বেদেতী কুলাগুৰি বৌদ্ধ মন্দিৰ ৩ লাখ,বেদেতী চাহ বাগিচাৰ মাজেৰে বিহমাৰিলৈ যোৱা পথটোৰ এমপিএচৱাইৰ অধীনত আধাৰশিলা স্থাপন কৰে। ইফালে পি,পি,এচ,ৱাইৰ অধীনৰ পকী পথৰ বাবে ৫৮ লাখ আবন্টিত দিয়া উপৰিও বৰাজুলি বিমলা স্কুল পকী বেৰ ৩ লাখ টকা , বটিয়ামাৰী সৰ্বেশ্বৰ দেৱালয়ৰ সমূহীয়া ভৱন ২ লাখ আৰু ৰাংছালী মদাখতীয়া নাম ঘৰত ২ লাখ ৫০ হাজাৰ টকা আবন্টন দি আধাৰশিলা স্থাপন কৰে।
বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ একেদিনাই ৭টা স্থানত আধাৰশিলা স্থাপন - অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰণজিৎ দত্ত
বিহালীত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই মঙলবাৰে বিধায়ক পূঁজিৰ বহুকেইটা আঁচনিৰ লগতে প্ৰধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা অধীনত পথ নিমাৰ্ণৰ আধাৰশিলা স্থাপন কৰে ৷
![বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ একেদিনাই ৭টা স্থানত আধাৰশিলা স্থাপন Cabinet Minister Ranjit Dutta inaugurated total 7 foundation stone at Bihali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5792456-thumbnail-3x2-bihali.jpg)
আধাৰশিলা স্থাপন সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে বৰগাং জিলা পৰিষদ সদস্য ,তথা মণ্ডল সমিতি সভাপতি ৰঞ্জন জ্যোতি দাস,নিজ বিহালী জিলা সদস্য দিপীকা দেৱী,নিজ বিহালী গাওঁপঞ্চায়ত সভাপতি প্ৰেম চেত্ৰী,বটিয়ামাৰীগাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমনি দাস,বৰালিমৰা গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰাকে ধৰি বহু কেইজন বিজেপি নেতাই । ইফালে আধাৰশিলা স্থাপন কৰি পথ আবন্টিত লাভ কৰা ঠিকাদাৰক কাম সময়ত কৰি সময়ত পথ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া লগতে কোনো দুৰ্নীতি আশ্ৰয় নল'বলৈ সকিয়নী দিয়ে মন্ত্ৰীৰণজিৎ দত্তই ।
লগতে পঢ়ক:ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি ৰাজ্যপাললৈ আৱেদন বেতন বঞ্চিত শিক্ষকৰ