চতিয়া, 24 ডিচেম্বৰ:এতিয়াৰে কিছুবছৰ আগলৈকে অসমীয়া গ্ৰাম্য সমাজৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছিল গৰুগাড়ীৰ ৷ কৃষিজীৱি প্ৰতিটো পৰিয়ালৰ ঘৰতেই আছিল গাড়ীখন ৷ কিন্তু সম্প্ৰতি যান্ত্ৰিকতাৰ যুগত যেন ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে অসমীয়াৰ ঐতিহ্য বহনকাৰী গৰুগাড়ী ৷
যান্ত্ৰিকতাৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱা বাহনখন - যান্ত্ৰিকতা
গৰুগাড়ী যেন সম্প্ৰতি আমাৰ বাবে এক নষ্টালজিয়া ৷ পূৰ্বে অসমীয়া গ্ৰাম্য সমাজৰ এক এৰাব নোৱাৰা বাহনখন সম্প্ৰতি হৈ পৰিছে পৰ্বতত কাছৰ কণী বিচৰালেখীয়া ৷
যান্ত্ৰিকতাৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱা বাহনখন
এতিয়া গাঁৱৰ প্ৰেক্ষাপটত যেন বিলুপ্তপ্ৰায় গৰুগাড়ী ৷ তথাপিও নৱপ্ৰজন্মৰ বাবে অতীত হৈ পৰা গৰুগাড়ী সযতনে ৰাখিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কোচগাঁৱৰ জোন বৰা নামৰ এগৰাকী যুৱ কৃষকে ৷ বৰ্তমানেও কৃষকগৰাকীয়ে গৰুগাড়ীখনেৰেই আনি ভঁৰাল ভৰায় সোণগুটিৰ সপোনবোৰ ৷
লগতে পঢ়ক:ব্যতিক্ৰমী ৰূপত বগৰী খেতিৰে স্বাৱলম্বী হোৱা এজন যুৱ কৃষক...