অসম

assam

BTR chief Pramod Boro: বিশ্বনাথত পৰ্যালোচনা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

By

Published : Jan 12, 2023, 8:53 PM IST

বনভূমি অধিকাৰ আইন, ২০০৬ৰ অধীনত ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কে বিশ্বনাথত পৰ্যালোচনা সভা ৷ পৰ্যালোচনা সভাত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR chief Pramod Boro) । বনভূমিত বসবাস কৰা লোকক ভূমিৰ অধিকাৰ প্ৰদান প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ নিৰ্দেশ ৷

BTR chief Pramod Boro
বিশ্বনাথত পৰ্যালোচনা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

বিশ্বনাথ ১২ জানুৱাৰী : বনভূমি অধিকাৰ আইন, ২০০৬ৰ(The Forest Rights Act, 2006) অধীনত ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কে বৃহস্পতিবাৰে বিশ্বনাথত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অধ্যক্ষতাত বিশ্বনাথ প্ৰশাসনৰ সন্মিলন কক্ষত অনুষ্ঠিত হয় এই পৰ্যালোচনা সভা(BTR chief Pramod Boro at Biswanath) ৷ বিশ্বনাথত বনভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰা লোকসকলক বনভূমি অধিকাৰ আইন, ২০০৬ৰ অধীনত আৰু চৰকাৰী নীতি নিয়ম অনুসৰি কিছু সৰলীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে ভূমিৰ অধিকাৰ প্ৰদানৰ যাৱতীয় খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগ আৰু সংশ্লিষ্ট সকলো পক্ষক সভাই আহ্বান জনায় ।

বিশ্বনাথত পৰ্যালোচনা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

উল্লেখ্য যে, বনভূমিত বসবাস কৰা লোকৰ ভূমিৰ অধিকাৰ সম্পৰ্কে পৰ্যবেক্ষণৰ বাবে বিশ্বনাথ আৰু গহপুৰ মহকুমাত থকা মহকুমা পৰ্যায়ৰ এছডিএলচিৰ (SDLC) অধীনত ৬২ খন বনভূমি অধিকাৰ সমিতি আৰু জিলা পৰ্যায়ত থকা ডিএলচি (DLC)ৰ অধীনত ৫৪ খন বনভূমি অধিকাৰ সমিতি আছে । গহপুৰ আৰু বিশ্বনাথত মহকুমা পৰ্যায়ৰ সমিতিয়ে আজিৰ তাৰিখত ভূমিৰ অধিকাৰ বিচাৰি কৰা মুঠ ৩৯৮৯ খন আবেদন লাভ কৰিছে । ইয়াৰে ৩৭২২ খন আবেদন ব্যক্তি বিশেষৰ আৰু ২৬৭ খন আবেদন অনুষ্ঠান বিশেষৰ ।

একেদৰে জিলা পৰ্যায়ৰ সমিতি ডিএলচিয়েও আজিৰ তাৰিখত ভূমিৰ অধিকাৰ বিচাৰি কৰা মুঠ ৩৪৫০ খন আবেদন লাভ কৰিছে । ইয়াৰে ৩০৬৬ খন আবেদন ব্যক্তি বিশেষৰ আৰু ৩৮৪ খন আবেদন অনুষ্ঠান বিশেষৰ । অন্যহাতে বিশ্বনাথত নতুনকৈ বনভূমি অধিকাৰ সমিতি গঠনৰ বাবে ২৪ টা নতুন প্ৰস্তাৱো আছে, য'ত বনভূমিৰ অধিকাৰ বিচাৰি ১৮০৫ খন আবেদন আছে । বনভূমি অধিকাৰ আইন, ২০০৬ৰ অধীনত এই আবেদন আৰু দাবীসমূহ পৰীক্ষাৰ অন্তত আবেদনকাৰীক ভূমিৰ অধিকাৰ অৰ্থাৎ টাইটল চাৰ্টিফিকেট্ (Title Certificate) প্ৰদান কৰা হয় ।

বিশ্বনাথত পৰ্যালোচনা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

বিশ্বনাথৰ বনভূমিত বসবাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ বিচাৰি নতুনকৈ কৰা এনে দাবী সমুহ যথাসম্ভৱ ক্ষীপ্ৰতাৰে আৰু কিছু সৰলীকৰণ প্ৰক্ৰিয়াৰে সমাধান কৰিবলৈ আজিৰ পৰ্যালোচনা সভাত বন প্ৰাধিকাৰীক নিৰ্দেশ প্ৰদান কৰা হয়, যাতে বনভূমিত বসবাস কৰা লোকসকলে চৰকাৰী সা- সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত নহয় ।

আজিৰ পৰ্যালোচনা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপৰিও শোণিতপুৰৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰ, উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰুৱা, অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দীপন বৰ্মন, বন বিভাগৰ লগতে প্ৰশাসনৰ বিষয়া, এবছু আৰু বনভূমি অধিকাৰ সমিতিৰ বিষয়ববীয়া আদি উপস্থিত আছিল ।

লগতে পঢ়ক:Assam History controversy: বাওঁপন্থীক দোষাৰোপ কৰি অসমৰ বুৰঞ্জী নতুন ধৰণে লিখাৰ অংগীকাৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details