বিহালী, 25 এপ্ৰিল : বিহালীৰ চেৰেলীয়াত নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড (Brutal murder in Bihali) ৷ জানিব পৰা মতে, চেৰেলীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নিবাসী পায়া ভূঞা আৰু সাগৰ ভূঞা (ভায়া) নামৰ দুই খুৰাক ভতিজাকে মিলি ভাইটি ভূঞা নামৰ লোকজনক প্ৰথমে উপৰ্যুপৰি মাৰপিট কৰে ৷ তাৰ পিছত মৰিয়াই মৰিয়াই লোকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে (One brutally killed in Bihali)৷
খুৰাক ভতিজাকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক - Brutal murder in Bihali
বিহালীৰ চেৰেলীয়াত লোমহৰ্ষক হত্যাকাণ্ড ৷ খুৰাক আৰু ভতিজাকে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক(Murder case in Bihali) ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

বিহালীৰ চেৰেলীয়াত মৰিয়াই মৰিয়াই এজনক হত্যা
বিহালীৰ চেৰেলীয়াত মৰিয়াই মৰিয়াই এজনক হত্যা
ইয়াৰ পিছতে স্থানীয়লোকে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ওচৰৰে গাঁওৰক্ষী বাহিনী আৰু বিহালী থানাত খবৰ দিয়াত দুই হত্যাকাৰী খুৰাক ভতিজাকক আটক কৰে বিহালী আৰক্ষীয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে যদিও অত্যাধিক মদ্যপান কৰাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :তামুলপুৰত চোকা অস্ত্ৰৰে ঘঁপিয়াই এজনক হত্যা