অসম

assam

By

Published : Apr 18, 2022, 6:27 PM IST

ETV Bharat / state

পেহীয়েকক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থ’লে ভতিজাকে

হেলেমত চাঞ্চল্যকৰ ঘটনা ৷ পেহীয়েকক হত্যা কৰি ভৰাই থ’লে শৌচাগাৰৰ টেংকীত ৷ আৰক্ষীয়ে আটক কৰিলে হত্যাকাৰীক ৷

brutal murder in bihali
নিজ পেহীয়েকক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থ’লে ভতিজাকে

বিহালী,১৮ এপ্ৰিল :ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ ধৰিছে পাইছে ধৰ্ষণ, লুণ্ঠন, হত্যাৰ দৰে জঘন্য অপৰাধৰ ঘটনা(Crime cases increased in Assam)। হেলেমৰ এৰাসুঁতিত ভতিজাকে নিজৰ পেহীয়েকক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থ’লে মৃতদেহ(Murder in Bihali)) । ঘটনাক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য ।

স্থানীয় ৰাইজে জনোৱা অনুসৰি ধীৰেন তামৰিয়া নামৰ লোকজনে লোৰ ৰোডেৰে নিজ পেহীয়েক নিমি তামৰিয়াক মৰিয়াই মৰিয়াই হত্যা কৰে (Brutal murder in Bihali) । পাছত নিজৰ এই কু-কৰ্ম ঢাকিবলৈ মৃতদেহটো ভৰাই থয় শৌচাগাৰৰ টেংকীত । হত্যাকাণ্ডৰ কথা লুকুৱাবলৈ স্থানীয় ৰাইজক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে ধীৰেন তামৰিয়াৰ বিৰুদ্ধে ।

নিজ পেহীয়েকক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থ’লে ভতিজাকে

কিন্তু স্থানীয় কেইজনমান যুৱকে ঘটনা সন্দৰ্ভত অৱগত কৰে হেলেম আৰক্ষীক ।

অৱশেষত হেলেম আৰক্ষী উপস্থিত হৈ দণ্ডাধিশৰ উপস্থিতিত হৈ শৌচাগাৰৰ টেংকীৰ পৰা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে স্থানীয় ৰাইজৰ ৰোষৰ বলি হোৱাৰ ভয়ত নিজ কোঠাত আত্মগোপন কৰা হত্যাকাৰী ধীৰেন তামৰিয়াক আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে ইতিপূৰ্বেও ধীৰেন তামৰিয়া ধৰ্ষণ, হত্যা, চুৰিৰ দৰে ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক:এ সম্পথৰ পদত্যাগ; অনিশ্চয়তাত মহানগৰীৰ দুটা খোৱাপানী প্ৰকল্পৰ নিৰ্মাণ

ABOUT THE AUTHOR

...view details