বিশ্বনাথ, 11 মে':সমগ্ৰ ৰাজ্যতে ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ভয়াৱহ সংক্ৰমণৰ প্ৰতিলক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে যদিও একাংশ অসচেতন লোকে ভংগ কৰিছে ৰাজ্য চৰকাৰৰ সকলো নীতি নিৰ্দেশনা ৷ আন আন ঠাইৰ লগতে বিশ্বনাথৰ জিনজিয়াত দেখা গ'ল ভয়াৱহ দৃশ্য ৷
জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল - বিশ্বনাথ
স্বাস্থ্য বিভাগে 18 বছৰ পৰা 44 বছৰ সকলো লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ পাচতে জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল ব্যাপক ভিৰ ৷ স্বাস্থ্য কেন্দ্ৰসমূহত কোনো ধৰনৰ ক'ভিড প্ৰট'কল মানি চলা দেখা নগ'ল ৷
জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল
স্বাস্থ্য বিভাগে 18 বছৰ পৰা 44 বছৰ সকলো লোকলৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ পাচতে জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল ব্যাপক ভিৰ ৷ কোনোধৰণৰ ক'ভিড প্ৰট'কল দেখা নগ'ল স্বাস্থ্য কেন্দ্ৰসমূহত ৷ ইফালে, প্ৰতিষেধক গ্ৰহণৰ বাবে একাংশ লোকে ঘন্টাৰ পাচত ঘন্টা ধৰি শাৰী পাতি থাকিও নাপালে প্ৰতিষেধক ৷
লগতে পঢ়ক:ক’ভিডত স্বামীক হেৰুৱাই সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ