জনাঞ্চলত বন্যহস্তীৰ বিচৰণত আতংকিত গঞা - elephant invasion
জামুগুৰি থানাৰ অন্তৰ্গত ৰত্নপুৰ গড়িয়াখানা গাৱত শনিবাৰে পুৱাৰ পৰাই দুটা বন্যহস্তীৰ বিচৰণে আতংকিত কৰি তুলিছে গাঁওবাসীক ৷ হাতী দুটাক জনাঞ্চলৰপৰা খেদি পঠোৱাৰ পৰিকল্পনা কৰিছে জামুগুৰি আৰক্ষী,অৰ্ধসামৰিক বাহিনী আৰু বন বিভাগে ৷
চতিয়া,20 জুলাইঃ জামুগুৰি থানাৰ অন্তৰ্গত ৰত্নপুৰ গড়িয়াখানা গাঁৱত শনিবাৰে পুৱাৰে পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা দুটা বন্যহস্তীৰ মুক্ত বিচৰণে সন্ত্ৰাস সৃষ্টি কৰিছে গাঁওবাসীৰ মাজত ৷ গাঁওখনৰ মাজতেই এখন হাবিৰ মাজত অৱস্থান কৰি থকা হাতী দুটাৰ মাজৰ পোৱালি হাতীটোৱে হঠাৎ হাবিৰ পৰা ওলাই আহি দুজন লোকৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে পশুধনকো আক্ৰমণ কৰে ৷ দুয়োটা হাতী পৃথক পৃথক হৈ পৰাত অধিক আতংকিত হৈ পৰিছে প্ৰায় ১০ খন গাঁৱৰ জনসাধাৰণ ৷ ইফালে ঘটনাস্থলীত জামুগুৰি আৰক্ষী,অৰ্ধসামৰিক বাহিনী আৰু বন বিভাগ উপস্থিত হৈ সন্ধিয়াৰ ভাগত হাতী দুটা জনাঞ্চলৰ পৰা খেদি পঠোৱাৰ পৰিকল্পনা কৰিছে ৷