গহপুৰ, ৭ এপ্ৰিল : ক'ত গ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি । কিয়নো বিশ্বনাথৰ গহপুৰ সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীয়ে আৰম্ভ কৰিছে চৰকাৰী আচঁনি বিক্ৰীৰ এখন মুকলি বজাৰ । ধন নিদিলে দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী আচঁনি (Govt scheme scam)। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গহপুৰ সমষ্টিত চৰকাৰী আঁচনিৰ এখন মুকলি বজাৰ গঢ়ি তুলিছে খণ্ড উন্নয়ন বিষয়া (বিডিঅ) কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে ।
প্ৰাপ্ত তথ্য অনুসৰি গহপুৰ সমষ্টিৰ একাংশ গাঁও পঞ্চায়তত এতিয়া চৰকাৰী আঁচনি লাভৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ উৎকোচ লোৱাত ব্যস্ত হৈ পৰিছে একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰী । এই অভিযোগ গহপুৰ সমষ্টিৰ একাংশ ভুক্তভোগী দৰিদ্ৰ পৰিয়ালৰ । বিশেষকৈ সমষ্টিটোত থকা একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে যদি ব্যক্তিগত চৰকাৰী আঁচনি (IBS) পঞ্চায়তৰ পৰা বিচাৰি যায় তেন্তে হিতাধিকাৰীয়ে সেই আচঁনিৰ নামত দিব লাগিব ৫ৰ পৰা ৮ হাজাৰ টকা ।
তাৰ উপৰিও যদি প্ৰধানমন্ত্ৰী আবাস গৃহৰ (জিঅ' টেক) বা আবেদন কৰিবলৈ বিচাৰে তেন্তে ভৰিব লাগিব ২-৫ হাজাৰ টকা (PMAY scheme scam in Biswanath)। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ দৰিদ্ৰ মহিলালৈ আগবঢ়োৱা অৰুণোদয় আচঁনিৰ বাবেও ভৰিব লাগে ধন । একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এই আচঁনিবোৰৰ বাবে নিৰ্দিষ্ট মূল্য বান্ধি দিয়াৰ অভিযোগ উঠিছে । তেনে এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে গহপুৰ বিধানসভা সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম কলাবাৰী পঞ্চায়তত ।