বিশ্বনাথ,১৯জানুৱাৰী:সোমবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাং ৰঙ্গমঞ্চত ভাৰতীয় জনতা পাৰ্টি,বিশ্বনাথ জিলাৰ উদ্যোগত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ বিশেষ সাংগঠনিক সভাখনত উত্তৰ-পূৰ্ৱাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল আৰু ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সহঃপ্ৰভাৰী পৱন শৰ্মা উপস্থিত থাকে ।
বিশ্বনাথত বিজেপিৰ বিশেষ সাংগঠনিক সভা
বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বৰগাংত বিশেষ সাংগঠনিক সভা । সভাত উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ অংশগ্ৰহণ ।
ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত,তেজপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পল্লব লোচন দাস,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ চতিয়া বিধায়ক পদ্ম হাজৰিকা,গহপুৰৰ বিধায়ক উৎপল বৰা লগতে পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় । জানিব পৰা মতে আগন্তুক সময়ত জিলাখনত কি দৰে দলটোৱে কাম কৰিব সেই বিষয়ে বিশদভাৱে আলোচনা কৰে ৷
লগতে পঢ়কঃ কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অখিল গগৈৰ সিদ্ধান্থই আঞ্চলিকতাবাদক শক্তি দিছে