অসম

assam

ETV Bharat / state

বিহালী-বাঘমৰা মণ্ডল কমিটিৰ নিৰ্বাচন সম্পন্ন

সাংগঠনিক নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ভাষন প্ৰসংগত নৱ নিৰ্বাচিত সভাপতিক ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কাম কৰি যাবলৈ আহ্বান জনায় ৷

By

Published : Oct 11, 2019, 11:55 PM IST

বিহালী-বাঘমৰা মণ্ডল কমিটিৰ নিৰ্বাচন সম্পন্ন

বিশ্বনাথ, 11 অক্টোবৰঃ বিজেপিৰ বিহালী মণ্ডল কমিটি আৰু বাঘমৰা মণ্ডল কমিটি সাংগঠনিক নিৰ্বাচন সম্পন্ন ৷ শাসনাধিষ্ট বিজেপি দলৰ বিহালী মণ্ডল কমিটি আৰু বাঘমৰা মণ্ডল সমিতিৰ সাংগঠনিক নিৰ্বাচন সভা খন শুক্ৰবাৰে পৃথক পৃথক স্থানত সম্পন্ন হৈ যায় । বাঘমৰা মণ্ডল বিজেপিৰ পূৰ্বৰ সভাপতি দধিৰাম শৰ্মাই পুনৰবাৰ বিনা প্ৰতিদ্বন্দিতাৰে বাঘমৰা মণ্ডল বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় ।

সভাত বাঘমৰা মণ্ডল বিজেপিৰ অন্তৰ্গত ৭৪ জন বুথ সমিতিৰ সভাপতি-সম্পাদক বিশ্বনাথ জিলা বিজেপিৰ নিৰ্বাচনী বিষয়া শিৱ ভদ্ৰাই নিযুক্তি প্ৰদান কৰে । শুকুৰবাৰে সাংগঠনিক নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ভাষন প্ৰসংগত নৱ নিৰ্বাচিত সভাপতিক ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কাম কৰি যাবলৈ আহ্বান জনায় । উক্ত সাংগঠনিক নিৰ্বাচনত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতী, বিজেপি নেত্ৰী শেৱালী শৰ্মা, অসীম দাস,ৰঘুপতি বসু, ডম্বৰো উপাধ্যায়,সদানন্দ দত্ত, মহন মহন্তকে ধৰি প্ৰায় পাঁচ শতাধিক বিজেপিৰ দলীয় নেতা-কৰ্মী উপস্থিত থাকে ।

আনহাতে, বিহালী খণ্ড উন্নয়ন কাৰ্যালয় প্ৰেক্ষাগৃহত বিহালী মণ্ডল কমিটি নিৰ্বাচনী সভা খনো সম্পন্ন হয় । আগন্তুক তিনি বছৰ বাবে বিহালী মণ্ডল কমিটি সভাপতি হিচাপে দলে বৰগাং জিলা পৰিষদ সদস্য ৰঞ্জনজ্যোতি দাসক সভাপতি হিচাপে নিৰ্বাচন কৰে ।

ABOUT THE AUTHOR

...view details