বিশ্বনাথ, 26 আগষ্ট : ক্ৰমাৎ ৰাজ্য ৰাজনীতি গৰম বতাহ বলিছে । ৰাজ্যত এতিয়া উঠিছে যোগদানৰ ঢৌ । শিল্পীৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী সকলোৱে মন মেলিছে ৰাজনীতি পথাৰলৈ ৷ কোনোৱে যদি কংগ্ৰেছ দলত আকৌ কোনোৱে বিজেপি দলত ।
গেৰুৱা বসন পিন্ধিলে একাংশ কা বিৰোধী নেতাই তাৰ সমান্তৰালকৈ 'কা' বিৰোধী মঞ্চ একাংশ নেতা এতিয়া গেৰুৱা দলৰ প্ৰতি আকৰ্ষণ হৈ বিজেপি দলত যোগদান কৰা দেখা গৈছে ।
যোগদান সভাত উপস্থিত থকা একাংশ লোক ইফালে বুধবাৰে অসমৰ আন আন ঠাই বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ওচৰত বহু কেইজন কা বিৰোধী নেতাই বিজেপি দলত যোগদান কৰে । এক কথাত ক'বলৈ গলে বিহালী সমষ্টিত শক্তিশালী হৈছে শাসনাধিষ্ঠ বিজেপি দল ৷
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে বিহালীত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ বুধবাৰে বিহালীৰ জিনজিয়াস্থিত ৰংগমঞ্চত বিহালী বাঘমৰা মণ্ডল কমিটি উদ্যোগত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলা সভাপতি দিগন্ত ঘাটোৱাৰ ।
সংগ্ৰামী যুৱ-পৰিষদ অসমৰ নেতাৰ ভাষ্য এই যোগদান কাৰ্যসূচীত বিহালীৰ বিধায়ক-মন্ত্ৰী ৰঞ্জিৎ দত্তৰ উপস্থিত বিহালীৰ প্ৰায় 300 যুৱক-যুৱতী লগতে অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ কেইবাজনো সদস্যই বিজেপি দলত
যোগদান কৰে ৷
বিধায়ক-মন্ত্ৰী ৰঞ্জিৎ দত্তই জনোৱামতে,বিহালীৰ সংগ্ৰামী যুৱ-পৰিষদ অসমৰ জিনজিয়া আঞ্চলিকৰ প্ৰাক্তন সভাপতি অৱতাৰ তাঁতি তথা জাতীয় সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ,চিপিআই(এম-এল)ৰ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত ৷ ইফালে এতিয়া 'কা' বিৰোধী জাতীয়তাবাদী সংগঠন সেই নেতাই 'কা'খন লাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
লগতে পঢ়কঃশিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান