চতিয়া ,১৬ ছেপ্টেম্বৰ:শনিবাৰে নৱগঠিত নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত শাসকীয় বিজেপি দলৰ এক পৰ্যালোচনা সভা ৷ পঞ্চায়ত আৰু পৌৰসভাৰ এই ৰাজহুৱা পৰ্যালোচনা সভাত সমষ্টিটোৰ কেইবাশতাধিক ৰাইজ উপস্থিত থাকে ৷ মূলতঃ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সাধাৰণ ৰাইজ চৰকাৰী আঁচনি আৰু চৰকাৰী সা-সুবিধাসমূহ পোৱাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে সেই সন্দৰ্ভত ৰাইজক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷
শিক্ষক তথা বিজেপিৰ সক্ৰিয় কৰ্মী নিতুমণি বৰাই আঁতধৰা সভাখনিত বিজেপিৰ নদুৱাৰ মণ্ডলৰ সভাপতিৰ উপৰিও চতিয়া আৰু জামুগুৰি নগৰ কমিটিৰ পৌৰপতি দুগৰাকী উপস্থিত থাকে ৷ সমষ্টিটোৰ সকলো পঞ্চায়তৰ বিষয়ববীয়া উপস্থিত থকা সভাখনত শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৷
মন্ত্ৰীগৰাকীয়ে চৰকাৰী গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি তথা কাম-কাজৰ খতিয়াত উপস্থিত ৰাইজৰ আগত দাঙি ধৰাৰ লগতে লোকসভা নিৰ্বাচনত পুনৰ বিজেপি দলক বিজয়ী কৰাবলৈ আহ্বান জনায় ।