বিশ্বনাথ, ২ ডিচেম্বৰ: বুধবাৰে বিশ্বনাথত অনুষ্ঠিত হয় বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ বাঘমৰা মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । অনুসূচিত জনজাতি মৰ্চাৰ বাঘমৰা মণ্ডলৰ সভাপতি বীৰেন গয়াৰী সভাপতিত্বত বিহালী সমষ্টিৰ খৰাশিমলু পঞ্চায়তৰ সমূহীয়া সভাগৃহত সভাখন অনুষ্ঠিত হয় ।
বিশ্বনাথত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ বাঘমৰা মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা এই সভাত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্ত । তেওঁ কয় যে, 'বিজেপি চৰকাৰে জনজাতি অধ্যুষিত অঞ্চলসমূহত আমোল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । সেয়ে, বিজেপিৰ প্ৰতি জনজাতি লোকসকলৰ বিশ্বাস অধিক বাঢ়িছে ।
বিশ্বনাথত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ বাঘমৰা মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা ইয়াৰ উপৰিও অনুসূচিত জনজাতিৰ ভূমিহীন লোকসকলৰ বাবে চৰকাৰে মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা লগতে অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলৰ লোকক অধিক শিক্ষিত কৰি জাতিটোক আগুৱাই নিবলৈ বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে ।'
বিশ্বনাথত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ বাঘমৰা মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা চৰকাৰে এই উন্নয়ন অনাগত দিনসমূহতো অব্যাহত থাকিব বুলি প্ৰতিশ্ৰুতি দিছে বুলি প্ৰকাশ কৰে দত্তই । আনহাতে, কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে জিলা অনুসূচিত জনজাতি মৰ্চাৰ উপ-সভাপতি হিৰঞ্জন বড়ো, বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মা প্ৰমুখ্যে সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ সভাপতি, সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ।
লগতে পঢ়ক:আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে