অসম

assam

ETV Bharat / state

5 কিল’মিটাৰ পদযাত্ৰাৰে ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ - ৰঞ্জিৎ দত্তৰ নিৰ্বাচনী প্ৰচাৰ

পূৰ্ণগতিত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিহালী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই 5 কিল’মিটাৰ পদযাত্ৰা মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ হাজাৰৰো অধিক বিজেপি কৰ্মীৰ সৈতে বেদেতীৰ পৰা পদযাত্ৰা মন্ত্ৰী দত্তৰ ৷

বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ
বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 10, 2021, 9:49 PM IST

বিশ্বনাথ,10 মাৰ্চ:অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত ৷ গাদী দখলৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰত্যেক ৰাজনৈতিক দল ৷ পিছ পৰি ৰোৱা নাই 77 নং বিহালী বিধানসভা সমষ্টিৰ বাবে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত ৷ বুধবাৰে সন্ধিয়া সমষ্টিটোত বিজেপিৰ এক পদযাত্ৰাৰ পৰা ইয়াৰে প্ৰমাণ পোৱা গ'ল ৷

বুধবাৰে হাজাৰৰো অধিক বিজেপি কৰ্মীয়ে দত্তক লৈ বেদেতীৰ পৰা এক পদযাত্ৰা উলিয়ায় ৷ উক্ত পদযাত্ৰাত বিজেপি দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিত দত্তক লৈ সমৰ্থক সকলে 'বিজেপি জিন্দাবাদ', 'ৰঞ্জিত দত্ত জিন্দাবাদ', 'আকৌ এবাৰ মোডী চৰকাৰ', 'সৰ্বানন্দ সোণোৱাল জিন্দাবাদ' আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ জানিব পৰা মতে প্ৰায় পাঁচ কিল’মিটাৰ পথ পদযাত্ৰা কৰি মন্ত্ৰী দত্তই নিৰ্বাচনী প্ৰচাৰ চলায় ৷

পূৰ্ণ গতিত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

অসমত এইবাৰো বিজেপিৰে চৰকাৰ হ'ব বুলি দাবী কৰি মন্ত্ৰী দত্তই এইবাৰ বিহালীবাসীয়ে তেওঁক 70 হাজাৰ ভোটত জয়ী কৰাই বিধায়ক হিচাপে ৰাজ্যসভালৈ পঠিয়াব বুলিও নিশ্চিত মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:বিজেপিৰ ৮ জনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ

ABOUT THE AUTHOR

...view details