অসম

assam

By

Published : Jul 27, 2022, 9:46 PM IST

ETV Bharat / state

BIP Organisational Meeting : বিশ্বনাথত বিজেপিৰ সাংগঠনিক সভা

বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP Assam President Bhavesh Kalita Vishwanath visit) । বিশ্বনাথ বিধানসভা সমষ্টিৰ গড়েহাগীস্থিত কমলাকান্ত নাট্য সমাজৰ সভাগৃহত এখন বিশেষ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সভাপতি ভৱেশ কলিতাই ।

bjp
bjp

বিশ্বনাথ, ২৭ জুলাই :আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP gear up for Lok Sabha election 202) । যাৰ বাবে এতিয়াৰে পৰাই সমষ্টিয়ে সমষ্টিয়ে দলীয় সাংগঠনিক ভেটি সবল কৰা উদ্দেশ্য দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকল সাংগঠনিক কাম-কাজত ব্যস্ত হোৱা দেখা গৈছে (BJP started preparation of Lok Sabha election) ।

তাৰেই অংশ হিচাবে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা উপস্থিত হয় বিশ্বনাথত (BJP Assam President Bhavesh Kalita Vishwanath visit) । বিশ্বনাথ বিধানসভা সমষ্টিৰ গড়েহাগীস্থিত কমলাকান্ত নাট্য সমাজৰ সভাগৃহত এখন বিশেষ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সভাপতি ভৱেশ কলিতাই ।

উল্লেখযোগ্য যে উত্তৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা বৰ্তমান বিজেপিৰ দখলত আছে । সেয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া অধিক তৎপৰ হৈছে বিজেপি দলৰ নেতা-কৰ্মীসকল ।

ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা এখন বিশেষ দলীয় সাংগঠনিক সভাত (Organizational meeting of Bishwanath district BJP) ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি জিলাখনৰ গহপুৰ সমষ্টি, বিশ্বনাথ সমষ্টি আৰু বিহালী সমষ্টিৰ দলীয় কৰ্মী আৰু বিধায়কসকলৰ সৈতে সাংগঠনিক আলোচনা কৰে ।

উক্ত সভাত জিলাখনত বিজেপি দলটোক সাংগঠনিক দিশত অধিক সবল কৰা বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । উক্ত বিশেষ সাংগঠনিক সভাখনত উপস্থিত থাকে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্রমোদ বৰঠাকুৰ (Vishwanath MLA Pramod Barthakur), ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলা সভাপতি পংকজ বৰা, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত (Bihali constituency MLA Ranjit Dutta), গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা (Gahpur constituency MLA Utpal Bora), ৰাজ্যিক চাহ জনগোষ্ঠী মর্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ লগতে ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায় ।

লগতে পঢ়ক :BJP Observes Kargil Day in Nalbari: নলবাৰীত বিজেপিৰ কাৰ্গিল বিজয় দিৱসত সমদল

For All Latest Updates

ABOUT THE AUTHOR

...view details