বিশ্বনাথ,২২ ছেপ্তেম্বৰ: সদ্যপ্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিকক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যৰে দেওবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যাগত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হয় "চিন্তন বৈঠক"। অনুষ্ঠানত উপস্থিত থাকে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহম্মদ আলী খলিফা, ছেখ আব্দুল হামিদ, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ,উত্তৰ পূব মুছলিম ছাত্ৰ সন্থা, মুছলিম ছাত্ৰ সন্থাকে ধৰি সংগঠনৰ বহুকেইজন নেতাৰ লগতে এন আৰ চিত নাম বাদ পৰা বহুত লোক ।
বিশ্বনাথত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ "চিন্তন বৈঠক" - এন আৰ চিৰ চুড়ান্ত তালিকা
সদ্যপ্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিকক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হৈছে বৈঠক খন ।
বিশ্বনাথত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ "চিন্তন বৈঠক"
উল্লেখ্য যে সভাত প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰে এন আৰ চিত প্ৰকৃত খিলঞ্জীয়া ভাৰতীয়ৰ নাম প্ৰকাশ নোহোৱাত দোষ প্ৰকাশ কৰি নাম নথকা সংখ্যালঘু সম্প্ৰদায়ক যিকোনো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।