অসম

assam

ETV Bharat / state

বিশ্বনাথত বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চোৰাং চিকাৰী - বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চোৰাং চিকাৰী

বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডল আৰু অপৰাধ অনুসন্ধান বিশেষ শাখাৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চোৰাং চিকাৰী

গ্ৰেপ্তাৰ কুখ্যাত চোৰাং চিকাৰী

By

Published : Nov 12, 2019, 4:55 PM IST

বিশ্বনাথ,12 নৱেম্বৰ:বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু অপৰাধ অনুসন্ধান বিশেষ শাখাৰ সফল অভিযান । অভিযানত কুখ্যাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ ৷ সোমবাৰে নিশা অপৰাধ অনুসন্ধান বিশেষ শাখাৰ অধীনৰ বিহালী আৰক্ষী থানা অন্তৰ্গত ৰাংছালী পৰা এটা কুখ্যাত চোৰাং চিকাৰীটো আটক কৰিবলৈ সক্ষম হয় বন বিভাগে। অপৰাধ অনুসন্ধান ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা আৰু সন্তোষ চাহাৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ অভিযানকাৰী দলে দীৰ্ঘদিন ধৰি পলাই থকা চোৰাং চিকাৰী এটাক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন চোৰাং চিকাৰীটোৰ নাম খন্তেশ্বৰ দাসবুলি জনায়। বনবিভাগে জানিবলৈ দিয়া মতে খন্তেশ্বৰ দাসে কিছু দিনৰ আগতে এটা চোৰাং চিকাৰী দলৰ সৈতে গড় হত্যাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনিশা থাকি গড় হত্যা বিফল হৈ ঘূৰি অহা লগতে পূৰ্বৰ কেইবাটাও গড় হত্যা লগত জড়িত থকা তথ্য লাভ কৰিছে বন বিভাগে । ইফালে আটকাধীন চোৰাং চিকাৰীটোক সোধ পোছ অব্যাহত ৰাখিছে বন বিভাগে । আটকাধীন চোৰাং চিকাৰীটো ৰাংছালীৰ পুহিয়া দাসৰ পুত্ৰ খন্তেশ্বৰ দাস । আনহাতে খন্তেশ্বৰ দাসৰ পুত্ৰ নৱকান্ত দাসকো বন বিভাগে গড় হত্যা আৰু খড়্গৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ তথ্য লাভ কৰাত নৱকান্ত দাসকো গ্ৰেপ্তাৰ কৰিছে।

নৱকান্ত দাস

উল্লেখ্য যে যোৱা মাহটো বন বিষয়া প্ৰাঞ্জল বৰুৱা আৰু সন্তোষ চাহা নেতৃত্বত চলোৱা চোৰাং চিকাৰী বিৰোধী অভিযানত কেইবাটাও কুখ্যাত চোৰাং চিকাৰীক আটক কৰি অস্ত্ৰসহ বহু সা-সামগ্ৰী উদ্ধাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ।

খন্তেশ্বৰ দাস

লগতে পঢ়কঃ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠিল মাছ

ABOUT THE AUTHOR

...view details