অসম

assam

ETV Bharat / state

বিশ্বনাথত দমন কৰা হ’ব জাপানীজ্ এনকেফেলাইটিছ আৰু মেলেৰীয়া - dc of biswanth district

জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া প্ৰতিৰোধ কৰিবৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি ৷ স্বাস্থ্য আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহক সমগ্ৰ জিলাখনতে জাপানীজ্ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ প্ৰাৰ্দুভাৱৰ বিৰুদ্ধে সজাগতা অভিযান আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদেৰ্শ বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ ৷

biswanth dc meeting on janpanes ankefelaities and malaria control
বিশ্বনাথত দমন কৰা হ’ব জাপানীজ্ এনকেফেলাইটিছ আৰু মেলেৰীয়া

By

Published : Jun 20, 2021, 9:53 AM IST

বিশ্বনাথ, 20 জুন : ৰাজ্যত বৰ্ষা ঋতু আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ প্ৰশাসনে জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ দৰে ৰোগসমূহ প্ৰতিহত কৰিবৰ বাবে টঙালী বান্ধিছে । বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এক সভাত অধ্যক্ষতা কৰি স্বাস্থ্য আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহক সমগ্ৰ জিলাখনতে জাপানীজ্ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ প্ৰাৰ্দুভাৱৰ বিৰুদ্ধে সজাগতা অভিযান আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদেৰ্শনা জাৰি কৰে ।

কঠোৰ নিৰীক্ষণেহে জাপানীজ্ এনকেফেলাইটিছ ৰোগবিধক আৰম্ভণিতে ধৰা পেলোৱাত সহায় কৰে আৰু ইয়াৰ ফলত ৰোগীক অতি সোনকালেই চিকিৎসা প্ৰদানত সহায়ক হয় ৷ যাৰ ফলত মৃত্যুৰ হাৰ বহু পৰিমাণে কমি যায় বুলি মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ।

উল্লেখযোগ্য যে, বিগত বছৰটোত বিশ্বনাথ জিলাত আঠ গৰাকী লোক জাপানীজ্ এনকেফেলাইটিছত আক্ৰান্ত হৈছিল আৰু ইয়াৰে এজনে মৃত্যুৰ মুখত পৰিছিল । “আমি বৰ্তমান ক’ভিড মহামাৰীৰ কবলত পৰিছো আৰু সকলোৱে ইয়াৰ বিৰুদ্ধে যুঁজ দি আছো, কিন্তু একে সময়তে বাৰিষা কালত হ’ব পৰা ৰোগবোৰৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব । যিহেতু জাপানীজ্ এনকেফেলাইটিছত মৃত্যুৰ হাৰ ৩০ শতাংশ, সেয়েহে আমি ইয়াক সহজভাৱে ল’ব নোৱাৰো ।

চলিত বৰ্ষত জিলাখনত যাতে এজনো লোক জাপানীজ্ এনকেফেলাইটিছ আৰু মেলেৰীয়াত আক্ৰান্ত হ’ব নোৱাৰে, তাৰ বাবে আমি কঠোৰ দৃষ্টি ৰাখিব লাগিব বুলি উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই মন্তব্য কৰে ৷

ইফালে উপায়ুক্ত শৰ্মাই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ জৰিয়তে ৰাইজৰ ঘৰে ঘৰে সজাগতামূলক প্ৰচাৰ পত্ৰ আৰু বেনাৰ বিতৰণ কৰি ৰাইজক সজাগ কৰিবলৈ স্বাস্থ্য বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহক নিদেৰ্শ দিয়ে । ভ্ৰাম্যমাণ প্ৰচাৰ ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰোধৰ নিয়ম সমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

যিহেতু গাহৰিৰ পৰাই জাপানীজ্ এনকেফেলাইটিছৰ সংক্ৰমন বৃদ্ধি হয়, সেয়েহে জিলা উপায়ুক্ত গৰাকীয়ে গাহৰি পালকৰ মাজত মানিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে পশু চিকিৎসা বিভাগক নিদেৰ্শ দিয়ে । লগতে বিগত বৰ্ষত জাপানীজ্ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ প্ৰাৰ্দুভাৱ হোৱা অঞ্চলবোৰত নিয়মীয়াকৈ বৈজ্ঞানীক পদ্ধতিৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

সভাত জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, অতিৰিক্ত উপায়ুক্তসকল মিফতাহউদ্দিন আহমেদ, লিজা তালুকদাৰ আৰু ড৹ সূৰ্য কমল বৰা, অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক :চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি

ABOUT THE AUTHOR

...view details