বিহালী, 8 মাৰ্চঃসদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ বিশ্বনাথ জিলা সমিতি উদ্যোগত দেওবাৰে নাৰী দিৱস পালন কৰা হয় ৷ নাৰী দিৱসৰ লগত সংগতি ৰাখি এক প্ৰতিবাদী সমদলো বাহিৰ কৰে প্ৰগতিশীল নাৰী সন্থাই । নাৰী দিৱসৰ উদ্দেশ্যে উলিওৱা ৰেলীত কৃষক নেতা অখিল গগৈৰ লগতে আটাইকেইজন কাৰাবন্দীক বিনা চৰ্তে মুকলি কৰা দাবী জনাই মহিলাসকলে ৷
বিহালীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন - BISWANTH BEHALI WOMEN'S DAY BY WOMEN UNION
নাৰী দিৱসৰ লগত সংগতি ৰাখি এক প্ৰতিবাদী সমদলো বাহিৰ কৰে প্ৰগতিশীল নাৰী সন্থাই।
নাৰী দিৱস উদযাপন
পৰৱৰ্তী সময়ত মহিলাসকলে বৰগাংৰ বিষ্ণু ৰাভা মঞ্চত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷ উক্ত নাৰী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সুলেখিকা মফিদা খাতুন, চি.পি.আই এম.এল দলৰ নেতা বিবেক দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক ৷
Last Updated : Mar 8, 2020, 7:39 PM IST
TAGGED:
BEHALI WOMEN'S DAY