বিশ্বনাথ,১৬ আগষ্টঃ চলিত বছৰটোতে দুটাকৈ গড় হত্যা কৰি, চোৰাং চিকাৰীয়ে খড়গ লৈ উদ্ধাও হৈছে ৷ তাৰ সমান্তৰালকৈ ৭ আগষ্টত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলিক কাৰ্যালয় অধিনত এটা প্ৰকাণ্ড গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰি খড়গ লৈ উদ্ধাও হোৱাৰ পিছতো কোনো এজন চোৰাং চিকাৰী আজি পৰ্যন্ত চিনাক্ত কৰি আটক কৰিবলৈ সক্ষম হোৱা নোহোৱা ঘটনাই বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কাৰ্যালয় বিষয়া সকলৰ দায়বদ্ধ বহি:প্ৰকাশ ঘটাইছে ।
ইফালে চোৰাং চিকাৰী চিনাক্ত আৰু আটক কৰিব নোৱাৰি বন বিভাগে এতিয়া ক্ষোভ উজাৰিছে সাধাৰণ মাছমৰীয়াৰ ওপৰত । শনিবাৰৰ পৰা বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ দাতিকাষৰীয়া অঞ্চল সমূহত মাছমৰীয়া সকলক নৈ , বিল ব্ৰহ্মপুত্ৰ নদীত প্ৰৱেশ নিষিদ্ধ কৰা লগতে মাছ মৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে বন বিভাগে ৷ ইপিনে সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি বিশ্বনাথ ঘাটৰ বন বিভাগৰ কাৰ্যালয় সন্মুখত এক উত্তেজিত পৰিবেশৰ সৃষ্টি হয় । শতাধিক মাছমৰীয়া পৰিয়ালে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ।