বিশ্বনাথত অঘটনঃ গছৰ ডাল কাটিবলৈ গৈ মৃত্যু এজনৰ - ধেনুসনা গাওঁত কৰুণ ঘটনা
গছৰ ওপৰত উঠি গছৰ ডাল কাটিবলৈ গৈ গছৰ ওপৰতে অন্য এজোপা গছৰ ডাল পৰি মৃত্যুক সাৱটিলে চৈবুৰ ৰহমান নামৰ লোকজনে ৷ ৷

বিশ্বনাথ 17 এপ্ৰিল :শুকুৰবাৰে বিশ্বনাথঘাটৰ ধেনুসনা গাঁৱত সংঘটিত হয় এটা কৰুণ ঘটনা। গছৰ ওপৰত উঠি গছৰ ডাল কাটিবলৈ গৈ গছৰ ওপৰতে অন্য এজোপা গছৰ ডাল পৰি মৃত্যু ঘটে চৈবুৰ ৰহমান (১৯) যুৱকজনৰ ৷
উল্লেখযোগ্য যে অলপতে অহা ধুমুহাৰ ফলত গাঁওখনৰ কাঠনিবাৰী খনত গৈ এজোপা গছত উঠি ডাল কাটি থকা সময়ত অন্য এজোপা গছৰ ডাল পৰি হঠাৎ মৃত্যুক সাৱটি লয় চৈবুৰ ৰহমানে ৷ ইফালে মৃত্যু হোৱা যুৱকজনক গছৰ ওপৰতে ওলমি থকা দেখি স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি বিশ্বনাথ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বিশ্বনাথ আৰক্ষীৰ এট দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷