বিশ্বনাথ,10 এপ্ৰিল: শোণিতপুৰ জিলাৰ আবকাৰী বিভাগৰ বৃহৎ সাফল্য ৷ শনিবাৰে পুৱা প্ৰায় 10 মান বজাত আবকাৰী বিভাগৰ এটা দলে বিশ্বনাথৰ গহপুৰৰ ঘাহিগাঁৱত লক্ষাধিক মূল্যৰ অবৈধ অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰে ৷
আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা শোণিতপুৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু বিশ্বনাথ মহকুমাৰ আবকাৰী উপ পৰিদৰ্শকৰ নেতৃত্বত এটা অভিযানকাৰী দলে গহপুৰ ঘাহিগাওঁ পেট্ৰ’ল ডিপোৰ সমীপৰ পৰা অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা ট্ৰাকখন জব্দ কৰে ।
আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা দলটোৱে এক গোপন তথ্যৰ ভিত্তিত চলাইছিল এই অভিযান ৷ আনহাতে, অভিযানৰ খবৰ লাভ কৰাৰ পাছতেই ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ উল্লেখ্য যে, আবকাৰী বিভাগৰ দলটোৱে ট্ৰাকখনত অভিযান চলাই প্ৰায় 8 লাখ টকাতকৈ অধিক মূল্যৰ সুৰা উদ্ধাৰ কৰে ।
আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা UP 81 BT 4225 নম্বৰৰ উত্তৰ প্ৰদেশত পঞ্জীয়নকৃত ট্ৰাকখনত অনা সুৰাখিনি উত্তৰ প্ৰদেশলৈ নি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী দলটোৱে ।
লগতে পঢ়ক:গোলাঘাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক