অসম

assam

ETV Bharat / state

ভোটগণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

ভোটগণনাৰ দিনটোকলৈ দলীয় নেতা-কৰ্মীৰ লগতে সমৰ্থকৰ মাজতো দেখা গৈছে ব্যাপক উৎকণ্ঠা ৷ পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব এই ভোটগ্ৰণনা প্ৰক্ৰিয়া ৷ নিৰাপত্তাৰ দিশত সষ্টম আৰক্ষী প্ৰশাসন ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ’ব ভোটগণনা ৷

etv bharat

By

Published : May 22, 2019, 6:42 PM IST

বিশ্বনাথ,22 মে’: লোকসভা নিৰ্বাচনৰ ভোট গণনাক লৈ বিশ্বনাথ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি ৷ লগতে,ভোটগণনা কক্ষসমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হ'ব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰ দিশতো যথেষ্ট কটকটীয়া কৰি তুলিছে প্ৰশাসনে। পুৱা আঠ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰম্ভ হ’ব এই ভোটগণনা প্ৰক্ৰিয়া ৷ সমৰ্থকসকলৰ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা দেখা গৈছে ৷

ভোটগণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতমে ৷ শ্ৰীমন্ত দাসৰ এক প্ৰতিবেদন -

ABOUT THE AUTHOR

...view details