অসম

assam

ETV Bharat / state

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন... - বিশ্বনাথক পৰ্যটন ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত বিশ্বনাথঘাটৰ মূল ভূমি খণ্ডৰ এটা অংশ সংযোগ হৈ আছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ সৈতে ৷ ঐতিহাসিক গুৰুত্বৰে প্ৰাচীন স্মৃতিৰে সজীৱ বিশ্বনাথক চৰকাৰে যি গুৰুত্ব দিব লাগিছিল সেয়া আজিও পোৱা নাই ৷ ৰাজ্য চৰকাৰৰ বিপৰীতে বিশ্বনাথৰ মোনাবাৰীৰ এগৰাকী ব্যক্তি কল্প হাজৰিকাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...
বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

By

Published : Feb 10, 2020, 7:14 PM IST

Updated : Feb 10, 2020, 7:54 PM IST

বিশ্বনাথ, 10 ফেব্ৰুৱাৰীঃ আহোম ৰাজত্ব কালৰে পৰা বিশ্বনাথৰ ঐতিহাসিক গুৰুত্ব আছে ৷ দেৱ দেৱীৰ প্ৰাচীন মঠ মন্দিৰ, দ'ল দেৱালয়ৰ পৰা আৰম্ভ কৰি বিশ্বনাথক শালস্তম্ভ বংশৰ পৰা আহোম ৰাজত্ব কাললৈ,শংকৰদেৱৰ পৰা বৃটিছৰ দিনলৈকে বহু পৌৰাণিক স্মৃতিয়ে কোবাই গৈছে ৷ এই বিশ্বনাথক লৈ গৌৰৱ কৰা উত্তৰপাৰৰ ৰাইজৰ বাবে বিশ্বনাথ গুৰুত্বপূৰ্ণ স্থান হ'লেও ৰাজ্য চৰকাৰৰ বাবে এতিয়াও যেন অনাদৃত ৷ গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত বিশ্বনাথঘাটৰ মূল ভূমি খণ্ডৰ এটা অংশ সংযোগ হৈ আছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ সৈতে ৷ ঐতিহাসিক গুৰুত্বৰে প্ৰাচীন স্মৃতিৰে সজীৱ বিশ্বনাথক চৰকাৰে যি গুৰুত্ব দিব লাগিছিল সেয়া আজিও পোৱা নাই ৷

ব্ৰহ্মপুত্ৰৰ মাজত থকা উমাটুমুনী

ৰাজ্য চৰকাৰৰ বিপৰীতে বিশ্বনাথৰ মোনাবাৰীৰ এগৰাকী ব্যক্তিকিশোৰ হাজৰিকাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ 2013 চনৰ পৰা এই ব্যক্তিজনে বিশ্বনাথ মন্দিৰ আৰু ইয়াৰ ঐতিহ্যমণ্ডিত ঠাই সমূহক পৰ্যটনস্থলীলৈ ৰপান্তৰ কৰাৰ কামত লাগি আছে ৷ ৰজাদিনীয়া মঠ মন্দিৰ সমূহ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে নিজা প্ৰচেষ্টাৰে কাম কৰি অহা কিশোৰ হাজৰিকাই পত্নী তথা বন্ধু বৰ্গৰ সহায়ত ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমাটুমনি দ্বীপত থকা নাংলেশ্বৰ মন্দিৰ,কমলেশ্বৰ দেৱালয়,কমলেশ্বৰ শিৱ দেৱালয়পুনৰ নিৰ্মাণ কৰাৰ লগতে আৰু অন্য এটা মন্দিৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ঐতিহাসিক বিশ্বনাথ মন্দিৰ

বিশেষকৈ এই প্ৰচীন সম্পদ সমুহ সংৰক্ষণৰ বাবে বিশেষ চিন্তা চৰ্চাৰে বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ মাজত উমাটুমুনি দ্বীপত স্থাপন কৰিছিল এখন অত্যাধুনিক ৰিৰ্জট আৰু এখন ধাবা ৷ যি ৰিজৰ্টৰ যোগেদি দেশী বিদেশী পৰ্যটক সকলক বিশ্বনাথৰ ঐতিহাসিক স্থান সমূহ পৰিদৰ্শন কৰোৱাৰ লগতে তাৰ পৰা আয় হোৱা টকাৰে সামাজিক কামত ব্যয় কৰিছে ৷ বিশ্বনাথক পৰ্যটন নগৰী হিচাপে গঢ়াৰ ক্ষেত্ৰত নিজাকৈ গ্ৰহণ কৰি আহিছে বহুকেইটা পদক্ষেপ ৷ এই পৰ্যন্ত কিশোৰ হাজৰিকাই ধাবা আৰু ৰিজৰ্টৰ পৰা হোৱা উপাৰ্জনেৰে বন্ধুবৰ্গৰ সহায়ত বিশ্বনাথৰ আৰু মোনাবাৰী অঞ্চলৰ বহু দৰিদ্ৰ শিশুক শীতকালত প্ৰতি বছৰে গৰম কাপোৰ যোগান ধৰা,বানপানীৰ সময়ত বিভিন্ন লোকক খাদ্য সামগ্ৰী বিতৰণ,একাংশ দৰিদ্ৰ সীমা ৰেখা ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় সহযোগিতা কৰিছে ৷ দুখনকৈ বিদ্যালয়ত যোগান ধৰিছে সম্পূৰ্ণ ডেস্ক বেঞ্চৰ ৷ মোনাবাৰীৰ বিদ্যালয়ত যোগান ধৰিছে ডেস্ক বেঞ্চ ৷

ডেস্ক বেঞ্চ প্ৰদান কৰা মোনাবাৰীৰ এখন বিদ্যালয়

আনহাতে বিশ্বনাথৰ চতিয়াৰ চতিয়া একাডেমীতো সহায় আগবঢ়াইছে কিশোৰ হাজৰিকাই ৷ বহুতো লোকৰ বাবে বিপদৰ বন্ধু স্বৰূপ কিশোৰ হাজৰিকাই এই সকলো নিজা খৰচেৰে প্ৰদান কৰে ৷ সমাজ সেৱা কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে লোকজনে ৷ প্লাষ্টিকমুক্ত কৰি গছপুলি ৰোপণেৰে সজাগতা সৃষ্টি কৰিছে অঞ্চলটোত ৷ বৰ্তমানলৈকে নিজা প্ৰচেষ্টাৰে লোকজনে বিশ্বনাথৰ কেবাখনো বিদ্যালয়ত 1 হাজাৰৰোধিক গছ পুলি ৰোপণ কৰিছে ৷

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

ৰাজহুৱা জীৱনত কৰা বিভিন্ন কল্যাণমূলক কামৰ বাবে কিশোৰ হাজৰিকাই কেবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷ তাৰ ভিতৰত 2019 চনত লাভ কৰিছিল বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, অৰুণাচল প্ৰদেশ চৰকাৰৰ 2019 বৰ্ষৰ CERTIFICATE OF APRICIATION বঁটা, 2019 বৰ্ষৰ আৰোহণ কৰ্ম প্ৰেৰণা বঁটা, গীতাঞ্জলি বঁটাৰ লগতে ডুবাইত প্ৰদান কৰা হৈছিল Global International Achiever Award.সমাজ সেৱাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা বিশ্বনাথৰ কিশোৰ হাজৰিকাই অঞ্চলটোৰ ৰাইজৰ মাজত লাভ কৰিছে সমাদৰ ৷

লগতে চাওকঃ গুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা

Last Updated : Feb 10, 2020, 7:54 PM IST

ABOUT THE AUTHOR

...view details