বিশ্বনাথ, 19 জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হ'ব ৷ ৰাভা দিৱসৰ লগত সংগতি ৰাখি পুৱা 10 বজাৰ পৰা আমন্ত্ৰিত স্থানীয় চিত্ৰশিল্পীসকলৰ এক প্ৰদৰ্শনীমূলক ছবি অংকন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । বিশ্বনাথৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যক 'থীম'ৰূপে লৈ দহগৰাকীৰো অধিক শিল্পীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত থিতাতে একোখনকৈ ছবি অংকন কৰিব ।
বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন - RABHA DIWAS
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে বৃহস্পতিবাৰে বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱসৰ আয়োজন ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় চিত্ৰশিল্পীসকলৰ প্ৰদৰ্শনীমূলক ছবি অংকন কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন ৷

বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন
নিৰ্বাচিত ছবিসমূহ উপায়ুক্তৰ কাৰ্যালয়, সভাকক্ষ, আৱৰ্ত ভৱন আদিত প্ৰদৰ্শন তথা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । ৰাভা দিৱস উপলক্ষ্যে সেইদিনা বিয়লি স্থানীয় শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । পুৱা 10 বজাত কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে আৰম্ভ হ'বলগীয়া ৰাভা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰী, কলা-সংস্কৃতিপ্ৰেমী ৰাইজক নিমন্ত্ৰণ জনাইছে বিশ্বনাখ জিলা প্ৰশাসনে ।