অসম

assam

By

Published : Oct 8, 2020, 6:01 PM IST

ETV Bharat / state

বিশ্বনাথত দলৱদ্ধ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ

২৮ ফেব্ৰুৱাৰীত গহপুৰ ৰজাবাৰীৰ ১ নং চকলা গাঁৱৰ জানমণি কোটোম নামৰ নাবালিকা এগৰাকীক ৯ জন দুষ্কৃতিকাৰীয়ে দলৱদ্ধভাবে ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ 9 জন অভিযুক্তৰ ভিতৰত পাচজনে মুকলি আকাশৰ তললৈ আহিয়ে পুনৰ ধৰ্ষিতা নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকক বিভিন্ন ভাবুকি প্ৰদান কৰাৰ লগতে পুনৰ ধৰ্ষিতা নবালিকা গৰাকীৰ দুই ভগ্নীক ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰে।

বিশ্বনাথত দলৱদ্ধ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ
বিশ্বনাথত দলৱদ্ধ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ

বিশ্বনাথ ৮ অক্টোবৰ :২৮ ফেব্ৰুৱাৰীত গহপুৰ ৰজাবাৰীৰ ১ নং চকলা গাঁৱৰ জানমণি কোটোম নামৰ নাবালিকা এগৰাকীক ৯ জন দুষ্কৃতিকাৰীয়ে দলৱদ্ধভাবে ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ এই দুষ্কৃতিকাৰী কেইজনক ফাঁচী দিয়াৰ দাবীত বৃহস্পতিবাৰে বিশ্বনাথ মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যলয়ৰ সন্মুখত বিভিন্ন দল সংগঠনে সাব্য়স্ত কৰে প্ৰতিবাদ।

বিশ্বনাথত দলৱদ্ধ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ
উল্লেখ্য যে, এই দলবদ্ধ ধৰ্ষণৰ লগত জৰিত 9 জন অভিযুক্তৰ ভিতৰত 5 জনক বিশ্বনাথ জিলা আৰক্ষীয়ে কাৰায়ত্ব কৰে ৷ ইপিনে এই অভিযুক্ত কেইজনে জামিন লাভ কৰি পুনৰ মুকলি আকাশৰ তললৈ অহাৰ লগতে এতিয়াও পালতক অৱস্থাত আছে চাৰিজন মূল অভিযুক্ত ৷ আনহাতে 9 জন অভিযুক্তৰ ভিতৰত পাচজনে মুকলি আকাশৰ তললৈ আহিয়ে পুনৰ ধৰ্ষিতা নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকক বিভিন্ন ভাবুকি প্ৰদান কৰাৰ লগতে পুনৰ ধৰ্ষিতা নবালিকা গৰাকীৰ দুই ভগ্নীক ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰে ।

ইয়াৰ পাচতেই ভুক্তভোগী পৰিয়ালে পুনৰ গহপুৰ আৰক্ষী থানাত এই দুস্কৃতিকাৰীৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতেই গহপুৰ আৰক্ষীয়ে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই অহা দুস্কৃতিকাৰী 5 জনক আটক কৰি বিশ্বনাথ মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়লৈ নিওতেই বিশ্বনাথৰ ন্যায়িক আদালতৰ সন্মুখত ভুক্তভোগীৰ পৰিয়াল সহ বিভিন্ন জাতীয় দল সংগঠনে এই অভিযুক্ত কেইজনক ফাঁচী দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷


লগতে পঢ়ক :মাধৱদেৱে নিজহাতে ৰোপণ কৰা ৰঙিয়াল ফুলৰ বিষয়ে জানেনে ?

ABOUT THE AUTHOR

...view details