অসম

assam

ETV Bharat / state

বিশ্বজিৎ দৈমাৰীৰ গুলিত প্ৰাণ গৈছিল বিনোদ ৰাজগড়ৰ - বিনোদ ৰাজগড় হত্যাকাণ্ড

চিকাৰৰ সময়ত বিশ্বজিৎ দৈমাৰীয়ে অসাৱধানতাত চলোৱা গুলিয়ে বিনোদ ৰাজগড়ৰ প্ৰাণ লৈছিল ৷ এই কথা আৰক্ষীৰ আগত ব্যক্ত কৰে বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু গবলাই বসুমতাৰীয়ে ৷

Biswanath police pressmeet on Binod rajgarh murder
বিশ্বজিৎ দৈমাৰীৰ গুলিত প্ৰাণ গৈছিল বিনোদ ৰাজগড়ৰ

By

Published : Jun 19, 2020, 7:56 PM IST

বিশ্বনাথ, ১৯ জুনঃবিনোদ ৰাজগড় হত্যাকাণ্ডৰ নতুন মূৰ ৷ বিনোদ ৰাজগড় মৃত্যু সন্দৰ্ভত বিশ্বনাথ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে গোবলাই বসুমতাৰী, বিশ্বজিৎ দৈমাৰী,কমল বসুমতাৰীক ৷ লগতে তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটা হাতে সজা বন্দুক, ১৬ টা লিডৰ টুকুৰা ,৪০ টা ঘূৰণীয়া লিডৰ টুকুৰা গোটা গুলি বনোৱা সামগ্ৰী,তিনিটা টেমাত গুলি বনোৱা খাৰ l আনহাতে,আৰক্ষীৰ সোধপোছত বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৫ জুনৰ পুৱা কমল বসুমতাৰীৰ গৃহৰ পৰা এটা বন্ধুক লৈ চিকাৰলৈ ওলাই গৈছিল বিনোদ ৰাজগড়, বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু গবলাই বসুমতাৰী ৷

বিশ্বনাথ

চিকাৰৰ সময়ত বিশ্বজিৎ দৈমাৰীয়ে অসাৱধানতাত চলোৱা গুলিয়ে বিনোদ ৰাজগড়ৰ প্ৰাণ লৈছিল ৷ শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে ৷ দৰাচলতে, ১৫ জুনত বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল পাচলগীত দুস্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল বিনোদ ৰাজগড় নামৰ লোকজনক । এই ঘটনা সন্দৰ্ভত গোবলাই বসুমতাৰী,বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু কমল বসুমতাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে পূৰ্বে বিনোদ ৰাজগড় আৰু সোমাইনা বসুমতাৰী খৰি কাটিবলৈ অসম অৰুণাচল সীমান্তত যোৱা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছিল ৷ কিন্তু শেহতীয়াকৈ বিশ্বনাথ আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি বিনোদ ৰাজগড় প্ৰকৃততে বন্ধুৰ সৈতে চিকাৰ কৰিবলৈ গৈ মৃত্যুমুখত পৰিছিল ।

বিশ্বজিৎ দৈমাৰীয়ে গুলিত প্ৰাণ গৈছিল বিনোদ ৰাজগড়ৰ

লগতে পঢ়কঃ ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

এই ঘটনা সন্দৰ্ভত গোবলাই বসুমতাৰী,বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু কমল বসুমতাৰীক বিশ্বনাথ চাৰিআলি থানাত পঞ্জীভুক্ত ১৫১/২০২০ ইউ /অছ ৩০২ আই পিচি আৰ /ডাব্লিউ ২৫১ (এ)ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে l ইয়াৰে গোবলাই বসুমতাৰী ৫ বছৰ পূৰ্বে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা এনডিএফবিৰ সদস্য বুলি জানিব পৰা গৈছে l

ABOUT THE AUTHOR

...view details