অসম

assam

ETV Bharat / state

বিশ্বনাথত ঈদুল ফিতৰৰ নামাজ নপঢ়িবলৈ আহ্বান আৰক্ষীৰ - islam

ঈদগাহ ময়দান, মছজিদ, ৰাজহুৱা স্থানত ঈদ-উল ফিতৰৰ সমূহীয়া নামাজ নপঢ়িবলৈ দেওবাৰে মাইকযোগে আহ্বান জনালে বিশ্বনাথৰ হেলেম আৰক্ষীয়ে । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবেই ঈদ-উল ফিতৰৰ নামাজ সমূহীয়াকৈ নপঢ়িবলৈ আহ্বান জনাইছে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ।

বিশ্বনাথ
বিশ্বনাথত ঈদুল ফিতৰৰ নামাজ নপঢ়িবলৈ আহ্বান আৰক্ষীৰ

By

Published : May 24, 2020, 5:34 PM IST

বিশ্বনাথ, ২৪ মে': কাইলৈ অৰ্থাৎ ২৫ মে'ত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল ফিতৰ । ঈদ-উল ফিতৰ উপলক্ষে তৎপৰ হৈ পৰিছে বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষী । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ তথা ৰাজ্যত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে এইবাৰ ঈদুল ফিতৰৰ নামাজ সমূহীয়াকৈ নপঢ়িবলৈ আহ্বান জনাইছে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে । সেই উপলক্ষে দেওবাৰে বিশ্বনাথ জিলাৰ হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত ভূঞাই বিভিন্ন ঠাইৰ ৰাজহুৱা স্থানত মাইকযোগে প্ৰচাৰ চলাই সজাগতা সৃষ্টি কৰে ।

বিশ্বনাথত ঈদুল ফিতৰৰ নামাজ নপঢ়িবলৈ আহ্বান আৰক্ষীৰ

আৰক্ষী বিষয়া গৰাকীয়ে মছজিদ অথবা ৰাজহুৱা স্থানত সমূহীয়াকৈ ঈদৰ নামাজ আদায় নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ঘৰতে পৰম্পৰা ৰক্ষা কৰি সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ সমাপন কৰিবলৈ আহ্বান জনাই । ইফালে আৰক্ষী বিষয়া অজিত ভূঞাইসমূহ ধৰ্মাৱলম্বী লোকসকললৈ প্ৰশাসনে নিৰ্দেশ দিয়া প্ৰতিটো নীতি নিয়ম পালন কৰিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details