বিশ্বনাথ, ১১ জানুৱাৰী :বিশ্বনাথত বৰ্তমানেও সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰী দল । প্ৰলোভনেৰে বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ এই ধাৰাবাহিকতা কিছু স্তিমিত হৈছিল যদিও বৰ্তমান পুনৰ আৰম্ভ হৈছে । এই অসৎ চক্ৰটোৰ কাৰ্যকলাপ বুধবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে উন্মোচন কৰিবলৈ সক্ষম হৈছে ।
বুধবাৰে জিলা আৰক্ষীৰ অভিযানত ৰঙাপৰা ৰেল ষ্টেছনৰ পৰা তেৰগৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰৰ লগতে মহিলাসহ তিনি মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ ভিতৰত মূল অভিযুক্ত হ’ল সূৰজ নাহক আৰু তেওঁৰ পত্নী সৰস্বতী নাহক ৷ আন এজন অভিযুক্ত হৈছে হাবিব আলি ।
বিশ্বনাথ জিলাৰ জিনজিয়া থানাৰ অন্তৰ্গত উত্তৰ জিনজিয়া, জিনজিয়া চাহ-বাগিচা আৰু ৰতোৱাৰ পৰা এই মানৱ সৰবৰাহকাৰী দলটোৱে এই তেৰগৰাকী কিশোৰ-কিশোৰীক বহিঃৰাজ্য উত্তৰ প্ৰদেশত কামৰ প্ৰলোভন দি ৰে’ল যোগে নিয়াৰ চেষ্টা কৰোতেই বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱাই তথ্য লাভ কৰে । এই তথ্যৰ ভিত্তিত লগে লগে বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক নৱজিৎ দাস বাঘৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল ৰঙাপৰা ৰেল ষ্টেচনত উপস্থিত হয় ৷