অসম

assam

ETV Bharat / state

বিশ্বনাথত নিষিদ্ধ হ'ল প্লাষ্টিক - DC

1 এপ্ৰিলৰ পৰা বিশ্বনাথত নিষিদ্ধ হ'ল প্লাষ্টিক ৷ বিশ্বনাথ জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে 50 মাইক্ৰনতকৈ কম ঘনত্বৰ প্লাষ্টিক বা পলিথিনৰ বেগৰ উৎপাদন, মজুতকৰণ, বিতৰণ অথবা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেই অনুসৰি জিলাখনত প্লাষ্টিকজাতীয় সামগ্ৰীৰে নিৰ্মিত বেগসমূহক বস্তু জমা ৰখা, পেকেজিঙৰ কামত ব্যৱহাৰ কৰা অথবা এইবোৰৰ বিক্ৰীৰ লগতে প্লাষ্টিকজাতীয় অন্যান্য সামগ্ৰীৰ ব্যৱহাৰ কৰোঁতা সকলে 144 নং ধাৰাৰ অধীনত দণ্ডনীয় হ’ব ।

বিশ্বনাথত নিষিদ্ধ হ'ল প্লাষ্টিক

By

Published : Apr 2, 2019, 8:02 AM IST

বিশ্বনাথ,2এপ্ৰিল: বিহুৰ আগেয়ে বিশ্বনাথবাসীলৈ এক দুখবৰ ৷ এতিয়াৰে পৰা বিশ্বনাথবাসীয়ে প্লাষ্টিক ব্যৱহাৰ কৰোঁতে সাৱধান হওক ৷ কাৰণ সোমবাৰে বিশ্বনাথ জিলাক প্লাষ্টিক নিষিদ্ধ অঞ্চলৰূপে ঘোষণা কৰিলে জিলা প্ৰশাসনে ৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী, 2016 ৰ বলৱৎকৰণৰ বাবে জাৰি কৰা নিৰ্দেশনা তথা এই নিয়মাৱলীৰ অধীনত ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ পৰিপ্ৰেক্ষিতত ফৌজদাৰী কাৰ্যবিধিৰ 144নং ধাৰাৰ অধীনত এক নিৰ্দেশযোগে বিশ্বনাথ জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে সমগ্ৰ জিলাখনতে প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেই মৰ্মে 50মাইক্ৰনতকৈ কম ঘনত্বৰ প্লাষ্টিক বা পলিথিনৰ বেগৰ উৎপাদন, মজুতকৰণ, বিতৰণ অথবা বিক্ৰীত থাকিব নিষেধাজ্ঞা । লগতে এই নিৰ্দেশ অনুসৰি জিলাখনৰ ৰাজহুৱা, ধৰ্মীয় আৰু পৰ্যটনস্থলীসমূহতো প্লাষ্টিকেৰে নিৰ্মিত কেৰিবেগ, বটল, খাদ্য ৰখা পাত্ৰ, পেকেজিং সামগ্ৰী আৰু তেনেধৰণৰ অন্যান্য সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । প্লাষ্টিকজাতীয় সামগ্ৰীৰে নিৰ্মিত বেগসমূহক বস্তু জমা ৰখা, পেকেজিঙৰ কামত ব্যৱহাৰ কৰা অথবা এইবোৰৰ বিক্ৰীও বাৰণ কৰা হৈছে । এই নিৰ্দেশ উলংঘাকাৰীসকল ফৌজদাৰী কাৰ্যবিধিৰ 144নং ধাৰাৰ লগতে পৰিৱেশ(সুৰক্ষা) আইন, 1986-ৰ সংশ্লিষ্ট ধাৰাৰ অধীনতো দণ্ডনীয় হ’ব । উল্লেখ্য যে তৎকালীনভাৱে বলৱৎ হোৱা এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব ।

ABOUT THE AUTHOR

...view details