বিশ্বনাথ, 22 নৱেম্বৰ: শুকুৰবাৰে বিয়লি বিশ্বনাথ চাৰিআলিৰ বেদেতীত সংঘটিত হ'ল অঘটন ৷ বেদেতীত নিৰ্মাণ হৈ থকা ৰেলৱে অভাৰব্ৰীজৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ মৃত যুৱকজন বিশ্বনাথৰ জৰাবাৰী গাঁৱৰ জয়ন্ত বৰা বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি অভাৰ ব্ৰীজখনৰ জোখ মাখ কৰি থকা অৱস্থাতে অসাৱধানবশত যুৱকজনৰ হাতত থকা এডাল লোহাৰ স্কেল ওচৰতে থকা ১১ কেভি লাইনৰ তাঁৰত লাগি যায় ফলৰস্বৰপে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া যুৱকজনে ৷ তথ্য অনুসৰি বিকাশ দত্ত নামৰ এজন ঠিকাদাৰৰ হৈ অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰিছিল জয়ন্তই ৷ স্থানীয় লোকৰ অভিযোগ ৰেল বিভাগৰ গাফিলতিৰ বাবেই সংঘটিত হ'বলৈ পালে এই দুৰ্ঘটনা ৷
বিশ্বনাথৰ বেদেতীত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি - বিশ্বনাথৰ বেদেতীত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি
নিৰ্মীয়মান ৰেলৱে অভাৰ ব্ৰীজৰ কাম কৰি থকা অৱস্থাত সংঘটিত হ'ল এই দুৰ্ঘটনা ৷ নিহত যুৱকজনৰ নাম জয়ন্ত বৰা ৷

বিশ্বনাথৰ বেদেতীত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি
বিশ্বনাথৰ বেদেতীত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি