অসম

assam

ETV Bharat / state

বিশ্বনাথ চাৰিআলিত কোভিড-১৯ আক্ৰান্ত এজন - বিশ্বনাথ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ

বিশ্বনাথৰ শান্তিপুৰৰ বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা 57 জন লোকৰ স্বাৱ সংগ্ৰহ বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ,আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

biswanath more one positive  covid 19 bijoy shankar das
বিশ্বনাথ চাৰিআলিত কোভিড-১৯ আক্ৰান্ত এজন

By

Published : Jun 23, 2020, 9:42 PM IST

বিশ্বনাথ,২৩জুনঃ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে কোভিড-১৯ ত আক্ৰান্ত সংখ্যা বৃদ্ধি পাই অহা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ অসমৰ অন্যতম গুৱাহাটী মহানগৰ আৰু শোণিতপুৰ জিলাত দৈনিক কোভিড-১৯ আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰাত একপ্ৰকাৰ হাহাকাৰ লাগিছে প্ৰশাসনৰ। ইফালে সোমবাৰে বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰ নিবাসী বিজয় শংকৰ দাস নামৰ লোকক জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ লগে লগে তৎপৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ।

বিশ্বনাথ চাৰিআলিত কোভিড-১৯ আক্ৰান্ত এজন
উল্লেখযোগ্য যে বিজয় শংকৰ দাস নামৰ লোক জন বিশ্বনাথৰ শান্তিপুৰ বাসিন্দা যদিও কৰ্ম সূত্ৰে গুৱাহাটীৰ মহানগৰ দিশপুৰত থকা SBI শাখাৰ CO হিচাপে কৰ্মৰত। কিন্তু অলপতে তেওঁ বিশ্বনাথ চাৰিআলি শান্তিপুৰ বাসগৃহলৈ আহিছিল আৰু তেওঁ বিশ্বনাথ চাৰিআলিত বাসগৃত সোমবাৰে বিশ্বনাথৰ চহৰ বিভিন্ন স্থানত বজাৰ কৰিছিল বিজয় শংকৰ দাসে। ইপিনে বিশ্বনাথ চাৰিআলি সঞ্জীৱ নামৰ চেলুনত চুলি-দাড়ি কাটি তেওঁ ঘৰৰ পৰিয়াললৈ বিশ্বনাথ চাৰিআলি মিষ্টামুখ নামৰ হোটেল খনৰ পৰা ঘৰলৈ মিঠাই ক্ৰয় কৰি আনিছিল বুলি জানিব পৰা গৈছে। তাৰ ওপৰিও বিজয় শংকৰ দাসে সোমবাৰে সন্ধিয়া তেওঁ নিজৰ ঘৰৰ ওচৰৰ এটা মন্দিৰত প্ৰৱেশ কৰি কেইবাজনো লোকৰ সৈতে আলোচনাত মিলিত হৈছিল।
বিশ্বনাথ চাৰিআলিত কোভিড-১৯ আক্ৰান্ত এজন

ইপিনে বিজয় শংকৰ দাসৰ কোভিড-১৯পজিটিভৰ খবৰ অহা লগে লগে বিশ্বনাথ জিলা প্ৰশাসন আৰু বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ দল বিজয় শংকৰ দাসৰ বাসগৃহ উপস্থিত হৈ পৰিয়ালৰ প্ৰতিজন সদস্য স্ৱাৱ সংগ্ৰহ কৰা লগতে বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা 57 জন লোকৰ স্বাৱ সংগ্ৰহ কৰিছে বিশ্বনাথ মহকুমা স্বাস্থ্য বিভাগে । উল্লেখযোগ্য যে বাতৰি যোগোত কৰা মূহুৰ্তলৈকে বিশ্বনাথ চাৰিআলি শান্তিপুৰকে ধৰি দাঁতিকাষৰীয়া কোনো অঞ্চলত জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা তথ্য প্ৰকাশ কৰা নাই জিলা প্ৰশাসনে ।



লগতে পঢকঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details