অসম

assam

ETV Bharat / state

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত সজাগতা সভা - বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত সজাগতা সভা

সমগ্ৰ বিশ্ববাসীৰ মুখত এতিয়া মাৰাত্মক কৰ'ণা ভাইৰাছৰ নাম । বিশ্ববাসীৰ সমানে শংকিত অসমবাসী ৷ কৰ’ণা নামৰ ভয়াৱহ ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানলৈকে কোনো প্ৰতিষেধক লাভ কৰা নাই ৷ একমাত্ৰ সজাগতা সৃষ্টিয়েহে ৰাইজক এই ভাইৰাছৰ পৰা মুক্ত কৰিব পাৰে ৷

biswanath monabari tea estate corona awarness meeting assam etv bharat news
সজাগতা সভা

By

Published : Mar 19, 2020, 5:26 PM IST

বিশ্বনাথ,19 মাৰ্চঃৰাজ্যৰএকমাত্ৰ স্বাস্থ্য বিভাগে নহয় অসম তথা ভাৰতবৰ্ষৰ প্ৰায় চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান ব্যস্ত হৈ পৰিছে কৰ’ণা ভাইৰাছ সম্পৰ্কে সজাগতা সৃষ্টি কৰাত ৷ বৃহস্পতিবাৰৰ পৰা বিশ্বনাথত আদিবাসী উৰীয়া ছাত্ৰ সন্থাৰ সদস্য সকলেয়ো সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আৰম্ভ কৰিছে অভিযান । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা পংকজ মহানন্দৰে আন আন জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে একগোট হৈ বিশ্বনাথৰ বিভিন্ন চাহ বাগিচাত উপস্থিত হৈ চাহ শ্ৰমিকসকলৰ মাজত ভাইৰাছবিধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা চলায় ৷

সজাগতা সভা

এছিয়াৰ দ্বিতীয় বৃহৎ চাহ বাগিচা হিচাপে পৰিচিত মোনাবাৰী চাহ বাগিচাতো দলটোৱে অনুষ্ঠিত কৰে এই সজাগতা সভা । দলটোৱে বাগিচাৰ শ্ৰমিকসকল কিদৰে পৰিষ্কাৰ হৈ থাকিব লাগে,পৰিষ্কাৰ থাকিলে কিদৰে ভয়াবহ কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি সেই বিষয়ে শ্ৰমিকসকলৰ মাজত সজাগতা সৃষ্টি কৰে ৷ লগতে শ্ৰমিকসকলৰ মাজত চাবোন আদিৰ দৰে সা-সামগ্ৰী বিতৰণ কৰি পৰিষ্কাৰ হৈ থাকিবলৈ আহ্বান জনায় ৷

মোনাবাৰী চাহ বাগিচা

লগতে চাওকঃকৰ'ণা ভাইৰাছ সম্পৰ্কত যোৰহাটত আটছাৰ সজাগতা সভা

ABOUT THE AUTHOR

...view details