অসম

assam

By

Published : Feb 6, 2020, 8:45 AM IST

ETV Bharat / state

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ চেক বিতৰণ

বিহালীত তিনি শতাধিক সৌৰ শক্তি চালিত লাইট আৰু ১০ জন ব্যৱসায়ীক ২০ হাজাৰ টকাকৈ চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ। উল্লেখ্য যে,কিছুদিন পূৰ্বে বিহালী আৰু ৰতোৱাত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডত জুইত জাহ গৈছিল কেবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ চেক বিতৰণ
বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ চেক বিতৰণ

বিশ্বনাথ, 6 ফেব্ৰুৱাৰীঃ বুধবাৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই সমষ্টিটোৰ তিনি শতাধিক লোকৰ মাজত সৌৰ শক্তিচালিত লাইট আৰু কেবাহাজাৰ টকাৰ চেক বিতৰণ কৰে একাংশ ব্যৱসায়ীৰ মাজত ৷ অঞ্চলটোৰ বিহালী, ৰতোৱাকে ধৰি বিভিন্ন স্থানৰ ১০ জন ভুক্তভোগী ব্যৱসায়ীৰ মাজত ২০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মন্ত্ৰী দত্তই।

১০ জন ব্যৱসায়ীক গাইপতি ২০ হাজাৰকৈ টকাৰ চেক প্ৰদান

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰতোৱা আৰু বিহালীৰ একাংশ হোটেল,পাণ-তামোলৰ দোকানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত দোকানসমূহ জুইত জাহ গৈছিল ৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল কেবাজনো ব্যৱসায়ী ৷ উক্ত ব্যৱসায়ী সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বুধবাৰে বিহালী উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত ২৮৯ টা পৰিয়ালক সৌৰ শক্তিচালিত লাইট আৰু ১০ জন অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীক গাইপতি ২০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে।

বিহালীত ২০ হাজাৰ টকাকৈ চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ
একেদৰে সমষ্টিটোৰ একাংশ মহিলাক চিলাই মেচিনো প্ৰদান কৰা হয় এই অনুষ্ঠানতে ৷ মন্ত্ৰী গৰাকীৰ এই প্ৰচেষ্টাক ব্যৱসায়ী সকলে শলাগ লোৱাৰ লগতে ধন্যবাদ জনাই।

লগতে চাওকঃএজাক মানুহ, এখন চিটা আৰু একুৰা জুইক সাক্ষী কৰি পঞ্চভূতত বিলীন হ'ল প্ৰণৱ গগৈ !

ABOUT THE AUTHOR

...view details