অসম

assam

ETV Bharat / state

এটা টেলিফোনিক বাৰ্তাক কেন্দ্ৰ কৰি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত হাহাকাৰ - স্বাস্থ্য বিভাগত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি

বিশ্বনাথৰ অসামৰিক চিকিৎসালত চিকিৎসকৰ গাফিলতিৰ অভিযোগ যুৱতীৰ । টেলিফোনিক বাৰ্তাই হাহাকাৰ লগাইছে বিশ্বনাথৰ স্বাস্থ্য বিভাগত । এই টেলিফোনিক বাৰ্তা পৰিকল্পিত আখ্যা বিশ্বনাথৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ ।

biswanath  medical college phone call  record  incidant
এটা টেলিফনিক বাৰ্তাক কেন্দ্ৰ কৰি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত হাহাকাৰ

By

Published : Aug 7, 2020, 2:53 AM IST

বিশ্বনাথ, 6 আগষ্টঃ ভাইৰেল হৈছে এটা টেলিফোনিক বাৰ্তা য'ত প্ৰকাশ পাইছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় চিকিৎসকৰ গাফিলতিৰ অভিযোগ ৷ বুধবাৰে পুৱা বিশ্বনাথ জিলাৰ দিকৰাইৰ খৃষ্টানবষ্টিৰ ক’ভিড-19 পজিটিভ প্ৰিয়া গোৱালা নামৰ এগৰাকী ২১ বছৰীয়া মহিলাই এটি কন্যা সন্তান জন্ম দিয়ে । জন্ম দিয়া পাচতে প্ৰসূতিগৰাকী তেজেৰে লুটুৰি পুটুৰি হৈ মাকৰ লগতে শিশুটি পৰি আছিল চিকিৎসালয়খনৰ পকাত । ইফালে একেটা কোঠাতে আছিল বিশ্বনাথৰ বামগাঁওৰ লোকেশ্বৰ বৰাৰ পত্নী আৰু কন্যা ।

এটা টেলিফনিক বাৰ্তাক কেন্দ্ৰ কৰি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত হাহাকাৰ

আনহাতে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি চিকিৎসালয়খনৰ নাৰ্চ,চিকিৎসকক ক’ভিড ৰোগী নৱমল্লিকা বৰাই খবৰ দিয়া প্ৰায় ২0 মিনিট পাচতো উপস্থিত নোহোৱাৰ গুৰুত্বৰ অভিযোগ কৰে ৷ ইপিনে কিছু সময়ৰ পিছত নৱজাতকটিক চিকিৎসা কৰ্মীয়ে আহি ক’ভিড ৰোগীৰ বিছনাতে শুৱাই দিয়া ঘটনাটো এজন কংগ্ৰেছ নেতাক বিষয়টো অৱগত কৰা টেলিফনিক বাৰ্তাটো চ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত স্বাস্থ্য বিভাগত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইফালে এই টেলিফোনিক বাৰ্তা সন্দৰ্ভত বৃহস্পতিবাৰে বিশ্বনাথৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নাৰায়ন মহন্তই মন্তব্য প্ৰকাশ কৰে সংবাদমাধ্যমৰ আগত।

এই অভিযোগ খণ্ডন কৰি বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক নাৰায়ন মহন্তই উল্লেখ কৰে যে,চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্ছৰ গাফিলতিৰ বিষয়ে জিলা প্ৰশাসনক আৰু চিকিৎসালয়খনৰ দায়িত্ব থকা বিষয়াক অৱগত কৰিব লাগে নে এজন কংগ্ৰেছ নেতাক অৱগত কৰিব লাগে ৷ গতিকে উক্ত ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত আৰু ৰাজনীতি উদ্দেশ্য জৰিত থকা বুলি প্ৰকাশ কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে । ইপিনে এই সমগ্ৰ ঘটনাৰ ওপৰত এক তদন্ত দিয়া হৈছে বুলি জানিবলৈ দিয়ে সঞ্চালক নাৰায়ন মহন্তই ।

এটা টেলিফনিক বাৰ্তাক কেন্দ্ৰ কৰি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত হাহাকাৰ

লগতে পঢ়কঃপ্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ প্ৰদান আন্তৰ্জাতিক সন্মান

ABOUT THE AUTHOR

...view details