বিশ্বনাথ, 7 ফেব্ৰুৱাৰী: দেওবাৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । তাকেলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে অধিকাংশ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়াই বাহৰ পাতিছে শ্বহীদ নগৰী ঢেকীয়াজুলিত । বিজেপি নেতা কৰ্মী আৰু শোণিতপুৰৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনেও চলাইছে ব্যাপক প্ৰস্তুতি ৷ কিয়নো দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে চৰাইদেউৰ লগতে বিশ্বনাথতো স্থাপন হ'বলগীয়া বিশ্বনাথ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব ঢেকীয়াজুলি জনসভাৰ পৰাই ।
দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে - biswanath medical collage
বিশ্বনাথৰ মধুপৰৰ সাপ্তাহিক বজাৰ আৰু বিশ্বনাথ মহকুমা চিকিৎসালয়ক সামৰি প্ৰায় 200 বিঘা মাটিত স্থাপন হ'ব প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ ৷ দেওবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঢেকিয়াজুলী জনসভাৰ পৰাই স্থাপন কৰিব আধাৰশিলা ৷
বিশ্বনাথ আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে বিশ্বনাথত উপস্থিত হৈ বিশ্বনাথ মেডিকেল কলেজখনৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও পিছৰ পৰ্যায়ত সেই কাৰ্যসূচী বাতিল হোৱাত ঢেকীয়াজুলিৰ পৰাই আধাৰশিলা স্থাপন কৰিব মেডিকেল কলেজখনৰ । বিশ্বনাথৰ মধুপৰৰ সাপ্তাহিক বজাৰ আৰু বিশ্বনাথ মহকুমা চিকিৎসালয়ক সামৰি প্ৰায় 200 বিঘা মাটিত প্ৰস্তাৱিত এই বিশ্বনাথ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ'ব বুলি বিশ্বনাথ মহকুমাৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়ে ।
Last Updated : Feb 7, 2021, 10:44 AM IST