অসম

assam

ETV Bharat / state

মহা অষ্টমী উপলক্ষে মা-কল্যাণী দেৱায়লত ভক্তৰ ভিৰ

গহপুৰ সমষ্টি অন্তৰ্গত বঙাবাৰী মা কল্যাণী দেৱালয়ত সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে আজি মহাঅষ্টমী পালন কৰে । ইফালে অসমৰ বিভিন্ন ঠাই পৰা অহা ভক্ত প্ৰাণ ৰাইজে মা কল্যাণী ওচৰত পৃথিৱীৰ পৰা যাতে অপায়-অমংগল, হিংসা দুস্কৃতি আদি দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয় তাৰ বাবে প্ৰাৰ্থনা কৰে।

biswanath maa kalyani mandir durga puja celebrations
মহা অষ্টমী উপলক্ষে মা-কল্যাণী দেৱায়লত ভক্তৰ ভিৰ

By

Published : Oct 24, 2020, 9:49 PM IST

বিশ্বনাথ, ২৪ অক্টোবৰঃ আজি মহাঅষ্টমী। মহা অষ্টমীক লৈ ব্যাপক ভিৰ গহপুৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত। সপ্তমী পাছতে আজি পৰম্পৰাগত ভাৱে পূৰ্বৰ দৰে গহপুৰ মা কল্যাণী দেৱালয়ত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্ত ভিৰ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, গহপুৰ সমষ্টি অন্তৰ্গত বঙাবাৰী মা কল্যাণী দেৱালয়ত সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে আজি মহাঅষ্টমী পালন কৰে । ইফালে অসমৰ বিভিন্ন ঠাই পৰা অহা ভক্ত প্ৰাণ ৰাইজে মা কল্যাণী ওচৰত পৃথিৱীৰ পৰা যাতে অপায়-অমংগল হিংসা দুস্কৃতি আদি দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয় তাৰ বাবে প্ৰাৰ্থনা কৰে।

মহা অষ্টমী উপলক্ষে মা-কল্যাণী দেৱায়লত ভক্তৰ ভিৰ

পিছে ক’ৰণাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে এইবাৰৰ পূজাৰ পৰিবেশ আন ঠাইত সেমেকা হৈছে যদিও তাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল গহপুৰৰ মা কল্যাণী দেৱালয়ত। মা কল্যাণী দেৱালয়ত ভক্ত সকলক উদযাপন সমিতিয়ে বাৰম্বাৰ সামাজিক দূৰত্ব বজাই ৰাখি দেৱালয়ত প্ৰৱেশ কৰিবলৈ আহ্বান জনাই থাকিব লগীয়াৰ দৰে এক পৰিবশৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ ক’ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মহানগৰীৰত মহাষ্টমীৰ পূজা সম্পন্ন

ABOUT THE AUTHOR

...view details