অসম

assam

ETV Bharat / state

সামৰণি পৰিল বিশ্বনাথৰ কাৰ্চ্চ ধৰ্মীয় উৎসৱৰ - _biswanath-karchach-is-a-religious-festival-

বিশ্বনাথৰ বিহালী কাৰ্বি জনগোষ্ঠীৰ লক্ষীমন কাৰ্চ্চ ধৰ্মীয় উৎসৱৰ দেওবাৰে সামৰণি পৰে ৷ এই উৎসৱত ধৰ্মীয় পৰম্পৰাৰে বহু অনুষ্ঠান অনুষ্ঠিত হয়,য'ত অংশগ্ৰহণ কৰে অঞ্চলটোৰ বহু লোক ৷

সামৰণি পৰিল বিশ্বনাথৰ কাৰ্চ্চ ধৰ্মীয় উৎসৱৰ
সামৰণি পৰিল বিশ্বনাথৰ কাৰ্চ্চ ধৰ্মীয় উৎসৱৰ

By

Published : Feb 8, 2021, 9:21 AM IST

বিশ্বনাথ,৭ ফেব্ৰুৱাৰী : দেওবাৰে সফলভাৱে সামৰণি পৰে বিহালীৰ চেৰেলীয়াৰ লক্ষীমন মন্দিৰত কাৰ্বি জনগোষ্ঠীৰ বৈষ্ণৱ পন্থী লোকসকলে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা 'লক্ষীমন কাৰ্চ্চ ' ধৰ্মীয় উৎসৱৰ ৷ ৫ ফেব্ৰুৱাৰীৰ পুৱা ৩ বজাত যজ্ঞ,বন্তি প্ৰজ্বলন, পিতৃ-মাতৃক সেৱা জনোৱাৰ পিছতে এই উৎসৱৰ ধৰ্মধজ্বা উত্তোলন কৰে লক্ষীমন দৱান পৰিচালনা সমিতিৰ সভাপতি দিপচেন ইংতিয়ে । ইয়াৰ পিছতে ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতি পালন কৰি সন্ধিয়া বন্তি প্ৰজ্বলনৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে । দ্বিতীয় দিনা দয়ান পৰিচালনা সমিতিৰ সভাপতি দিপচেন ইংতিৰ সভাপতিত্বত ধৰ্মীয় মুকলি সভা অনুষ্ঠিত কৰা হয় ।

সামৰণি পৰিল বিশ্বনাথৰ কাৰ্চ্চ ধৰ্মীয় উৎসৱৰ

এই সভাত মুখ্য অতিথি হিচাপে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্থাস্থ্য বিষয়া ড০ যোগেন চন্দ্ৰ বে, বিশিষ্ট অতিথি হিচাপে কেথন দেৱান লংৰি আমেইৰ সভাপতি ৰিচু ইংতি,কাৰ্বি লাম্মেত আমেইৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক চন্দ্ৰসিং ৰংপি আৰু আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ গোস্বামী,সন্মানীয় অতিথি হিচাপে চেৰেলীয়া কুঁহিয়াৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জন কিলিং আৰু আপকুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা সাংবাদিক প্ৰনিতা ৰায় ভূঞা,হাতীমৰা প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক চনেশ্বৰ বৰা উপস্থিত থাকে ৷ চেৰেলীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য নিকন মোডীয়ে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে। উদৰমিং টিমুয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সমুহীয়া প্ৰাৰ্থনাৰে কাৰ্যসূচীৰ সামৰণি পৰে। অন্তিম দিনা অঞ্চলটোৰ জ্যেষ্ঠৰ পৰা কণ-কণ শিশু সকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰি অনুষ্ঠানৰ সামৰণি কৰা হয় ৷

সামৰণি পৰিল বিশ্বনাথৰ কাৰ্চ্চ ধৰ্মীয় উৎসৱৰ

অন্য এক খবৰৰ বাবে :কাছাৰত বিজেপিৰ সন্মিলনী সভা

ABOUT THE AUTHOR

...view details