অসম

assam

ETV Bharat / state

বিহালীত চোৰাং কাঠসহ আটক সৰবৰাহকাৰী - illigal wood buisness

শনিবাৰে বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে অভিযান চলায় চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত এজন লোকক কাঠ সহ আটক কৰে ।

biswanath-illigal-wood-buisness
বিহালীত চোৰাং কাঠসহ আটক সৰবৰাহকাৰী

By

Published : Oct 3, 2020, 9:16 PM IST

বিশ্বনাথ, ৩ অক্টোবৰ : বিহালী বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বুৰৈ চাহ বাগিচাৰ পানীপুতা নিকটৱৰ্তী অঞ্চলত শনিবাৰে বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে অভিযান চলায় চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত এজন লোকক কাঠ সহ আটক কৰে । লগতে দুখন কাঠ কঢ়িওৱা চাইকেল আৰু বহু পৰিমাণৰ ফলা কাঠ জব্দ কৰে বন বিভাগৰ দলটোৱে।

বিহালীত চোৰাং কাঠসহ আটক সৰবৰাহকাৰী

ইফালে এই চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত হেলেম চাপৰি দিকি ফাংচ’ নামৰ এজন লোকক আটক কৰে বন বিভাগে । আনহাতে আন এজন কাঠ বসৰবৰাহকাৰী পলাতক বুলি জানিব পৰা গৈছে । ইতিমধ্যে বন বিভাগে আটক কৰা চোৰাং কাঠ সৰবৰাহকাৰী জনক বন বিভাগে জে'ললৈ প্ৰেৰণ কৰিছে। জব্দ কৰা কাঠ সমুহ বিহালী বনাঞ্চলৰ পৰা বিক্ৰী কৰিবলৈ নি থকা বুলি বন বিভাগৰ সূত্ৰ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ

ABOUT THE AUTHOR

...view details