অসম

assam

ETV Bharat / state

পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে জীৱন-মৃত্যুৰ দোমোজাত ছাকেট আলি!

বৰ্তমান মৃত্যুৰ ক্ষণ গণিছে ছকেট আলিয়ে৷ কাৰণ ককালৰ তলত লগা গুলীৰ ইনফেকচনত ইতিমধ্যে দুয়োটা কিডনী বিকল হৈ পৰিছে ছাকেট আলিৰ৷ পৰ্যাপ্ত ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ছকেট ৷

পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে জীৱন-মৃত্যুৰ দোমোজাত ছাকেট আলি!

By

Published : Jun 25, 2019, 6:28 PM IST

বিশ্বনাথ, 25 জুনঃ বিশ্বনাথত জীৱন মৃত্যুৰ সৈতে সংগ্ৰাম কৰিছে ছাকেট আলিয়ে ৷ দৰাচলতে ২০১৩ চনত বিশ্বনাথৰ বাঘমাৰীত পাৱাৰগ্ৰীড কৰ্তৃপক্ষই পাৱাৰগ্ৰীড নিৰ্মাণ কৰা সময়ত এটা পথক কেন্দ্ৰ কৰি প্ৰকল্পটোৰ কতৃপক্ষ আৰু স্থানীয় ৰাইজৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি বিষম হৈ পৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুলীচালনা কৰিবলগীয়া হয় ৷ আৰক্ষীৰ গুলীত আহত হয় নিৰীহ ছাকেট আলি ৷

পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে জীৱন-মৃত্যুৰ দোমোজাত ছাকেট আলি!

বৰ্তমান মৃত্যুৰ ক্ষণ গণিছে ছকেট আলিয়ে ৷ কাৰণ ককালৰ তলত লগা গুলীৰ ইনফেকচনত ইতিমধ্যে দুয়োটা কিডনী বিকল হৈ পৰিছে ছাকেট আলিৰ ৷ পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ছকেট ৷

আনহাতে চিকিৎসাৰ প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে পাৱাৰগ্ৰীড কতৃপক্ষই ৷ চৰকাৰ অথবা প্ৰশাসনে যদি সহায় নকৰে তেনেহ'লে ছাকেট আলিৰ লগতে শেষ হৈ যাব এটা পৰিয়াল ৷

ABOUT THE AUTHOR

...view details