বিশ্বনাথ, 10ছেপ্টেম্বৰ : বুধবাৰে বিয়লি গহপুৰৰ মহকুমাৰ অন্তৰ্গত বৰডোপৰ গাৱঁত উদ্ধাৰ হয় এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য কাছ । গাঁওখনৰ নিবাসী ৰাজু বৰা নামৰ এগৰাকী মহিলাৰ বৰশীত লাগি থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰায় ৬কেজি ওজনৰ দুষ্প্ৰাপ্য কাছটো । পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা কাছটো গাঁওখনৰ একাংশ লোকে গহপুৰ মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱৰ হাতেৰে গহপুৰৰ বৰপুখুৰীত এৰি দিয়ে ।
গহপুৰৰ বৰডোপৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
বুধবাৰে বিয়লি গহপুৰৰ মহকুমাৰ অন্তৰ্গত বৰডোপৰ গাৱঁত উদ্ধাৰ হয় এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য কাছ । পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা কাছটো মহকুমাটোৰ নৱনিযুক্ত মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱৰ হাতেৰে গহপুৰৰ বৰপুখুৰীত এৰি দিয়া হয় ।
গহপুৰৰ বৰডোপৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
বৰডোপৰ স্থানীয় একাংশ লোকে কাছটো এইদৰে উদ্ধাৰ কৰি প্ৰশাসনক গতাই দিয়াৰ কাৰ্যক অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সংগঠন আৰু বিশ্বনাথ জিলা বন বিভাগে সলাগ লোৱাৰ লগতে জনালে ধন্যবাদ ।
অন্য এক খবৰৰ বাবে: কংগ্ৰেছে হেৰুৱাইছে নৈতিক অধিকাৰ : বিজেপি নেতা লক্ষ্য কোঁৱৰ