অসম

assam

ETV Bharat / state

গুপ্তকাশী বিশ্বনাথত প্ৰাণ প্ৰতিষ্ঠা শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয়ৰ

বুধবাৰে ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয় প্ৰতিষ্ঠা কৰা হয় । বিগত ৪ মাহ পূৰ্বে শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল । ড° কল্প কিশোৰ হাজৰিকা আৰু তেখেতৰ পত্নী স্নীগ্ধাজ্যোতি হাজৰিকাৰ প্ৰচেষ্টাত প্ৰাণ পায় উঠিছে জৰাজীৰ্ণ অৱস্থাত থকা শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয় ।

গুপ্তকাশী বিশ্বনাথত প্ৰাণ প্ৰতিষ্ঠা শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয়ৰ
গুপ্তকাশী বিশ্বনাথত প্ৰাণ প্ৰতিষ্ঠা শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয়ৰ

By

Published : Feb 25, 2021, 9:40 PM IST

বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী: বিশ্বনাথৰ ঐতিহ্যমণ্ডিত গুপ্তকাশীৰ ২৭ খন দেৱালয়ৰ অন্যতম দেৱালয় শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয় উন্নীতকৰণ কৰি সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিয়ে । আহোম যুগৰ ইতিহাসৰ সাক্ষ্য বহন কৰি থকা শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয় বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে । ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যদিও সকলো দেৱালয় উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত কিছু বাদ পৰা থকাৰ বাবে এই দেৱালয়সমূহ সংৰক্ষিত কৰাৰ বাবে আগবাঢ়ি আহিছে হাজৰিকা পৰিয়াল ।

গুপ্তকাশী বিশ্বনাথত প্ৰাণ প্ৰতিষ্ঠা শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয়ৰ

গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ স্বত্বাধিকাৰী ড০ কল্প কিশোৰ হাজৰিকা আৰু তেখেতৰ পত্নী স্নিগ্ধাজ্যোতি হাজৰিকাৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় ৭ লাখ টকাৰ ব্যয় সাপেক্ষে বাণেশ্বৰ দেৱালয় পুনৰ নিৰ্মাণ কৰা হয় আৰু বুধবাৰে মাংগলিক নিয়মৰ মাজেৰে প্ৰতিষ্ঠা কৰা হয় ।

এই শুভ অনুষ্ঠানত দেৱালয়ৰ ধ্বজা উত্তোলন কৰে বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই । দেৱালয় প্ৰতিষ্ঠাৰ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলৰ ভক্ত প্ৰাণ ৰাইজ । এই দেৱালয় পূৰ্বৰে পৰা আছিল যদিও এয়া ভগ্নাৱশেষ হৈ ৰৈছিল । ভক্তই পূজা-অৰ্চনা আগবঢ়াৱ পৰাকৈ এতিয়া শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয় নিৰ্মাণ কৰি উলিওৱা হৈছে ।

লগতে পঢ়ক:একাপ চাহৰ বাবে ডিমৌত চুৰিকাঘাত

ABOUT THE AUTHOR

...view details