অসম

assam

ETV Bharat / state

বিশ্বনাথৰ প্ৰায় 10 শতাধিক মৎস্যজীৱি পৰিয়ালৰ জীৱনলৈ নামিছে অন্ধকাৰ - Biswanath Ghat

শেহতীয়াকৈ বন বিভাগে বিশ্বনাথ ঘাটৰ পৰা গহপুৰলৈকে উত্তৰ পাৰৰ অঞ্চল সমূহ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্ত কৰিছে ৷ বন বিভাগৰ এই সিদ্ধান্তই সম্প্ৰতি অঞ্চলটোৰ প্ৰায় ১০ শতাধিক মাছমৰীয়া লোকৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । কাৰণ এতিয়া নদীত মাছ মাৰিবলৈ নিদিয়ে বন বিভাগৰ লোকে ৷ যাৰ বাবে এতিয়া ৰাজপথলৈ যাবলৈ সাজু মাছমৰীয়া এই লোকসকল ‌।

as_biswanath_Biswanath_Gahat_fisherman_crisist_vis1_as10018
বিশ্বনাথৰ প্ৰায় 10 শতাধিক মৎস্যজীৱি পৰিয়ালৰ জীৱনলৈ নামিছে অন্ধকাৰ

By

Published : Dec 2, 2020, 5:42 PM IST

বিশ্বনাথ, 2 ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ১০ শতাধিক মৎস্য জীৱি পৰিয়ালৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ ৷ শেহতীয়াকৈ বন বিভাগে বিশ্বনাথ ঘাটৰ পৰা গহপুৰলৈকে উত্তৰ পাৰৰ অঞ্চল সমূহ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্ত কৰিছে ৷ বন বিভাগৰ এই সিদ্ধান্তই সম্প্ৰতি অঞ্চলটোৰ প্ৰায় ১০ শতাধিক মাছমৰীয়া লোকৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । কাৰণ এতিয়া নদীত মাছ মাৰিবলৈ নিদিয়ে বন বিভাগৰ লোকে ৷ যাৰ বাবে এতিয়া ৰাজপথলৈ যাবলৈ সাজু মাছমৰীয়া এই লোকসকল ‌। বিগত দিন বোৰত কিছু নীতি নিৰ্দেশনা মাজত নদীত মাছ মাৰিবলৈ দিয়া হৈছিল যদিও বৰ্তমানে একাংশ বন বিষয়াই নিজ ইচ্ছা অনুসৰি নদীত মাছ মাৰিবলৈ দিয়ে আৰু মন গলেই নদীত মাছ মাৰি থকা একাংশ মাছমৰীয়াৰ জালকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰি হাৰাশাস্তি দিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷

বিশ্বনাথৰ প্ৰায় 10 শতাধিক মৎস্যজীৱি পৰিয়ালৰ জীৱনলৈ নামিছে অন্ধকাৰ

আনহাতে মাছমৰীয়া লোকসকলৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ বিষয়ে জিলাখনৰ কোনো এজন জন প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই ।‌ সোমবাৰে বিয়লি বিশ্বনাথ ঘাটৰ মাছমৰীয়া পৰিয়াল সমূহৰ কাষত উপস্থিত হয় সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ সদস্য সকল । সংগঠনটোৰ সদস্যসকলে বিশ্বনাথ ঘাটত উপস্থিত হৈ ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক মৎস্য জীৱি সমিতিৰ সৈতে আলোচনাত মিলিত হয় ৷ ইয়াৰ উপৰিও অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাই উত্তৰ পাৰ মাছ মৰীয়া সকলৰ সমস্যাটো অতিশীঘ্ৰে সমাধান কৰাৰ বাবে অসম চৰকাৰ আৰু বন বিভাগক দাবী জনায় ।

এই দৰিদ্ৰ মাছমৰীয়া সকলক লৈ একাংশ ৰাজনৈতিক নেতাই সময়ে সময়ে ৰাজনীতি কৰি অহা বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাই ‌। যদি শাসকীয় চৰকাৰখনে এইসকল পৰিয়ালৰ জীৱিকাৰ বিষয়ে চিন্তা নকৰে তেন্তে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে মাছমৰীয়া সকলে ৷ এই আলোচনাত অংশগ্ৰহণ কৰে বিশ্বনাথ ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক মৎস্য জীৱি সমিতিৰ সভাপতি গদাপানি দাস, সম্পাদক বিশ্বজিৎ দাস, সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি সিংহজিৎ হাজৰিকাই ।

লগতে পঢ়ক-জাতি-জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ প্ৰদান নকৰিলে হাগ্ৰামাই : প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details