মাছৰ পোনা উৎপাদনেৰে অভিলেখ গঢ়িছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে
মাছৰ পোনা উৎপাদনেৰে অভিলেখ গঢ়িছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে
বিশ্বনাথ, 31 জুলাইঃবিশ্বনাথ পাভৈৰ এজন যুৱক ৷ যুৱকজনৰ নাম ভাৰ্গৱ ভাগৱতী ৷ ভাগৱতীৰ আছে এখন মীন পাম ৷ মীন পামখনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আয় কৰে লাখ লাখ টকা ৷ তাৰোপৰি ১৮ কোটি ভ্ৰণ পোনাৰ উৎপাদনৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰ্গৱ ভাগৱতীয়ে ৷ ভাগৱতীয়ে বহিঃ ৰাজ্যলৈ পঠায় লাখ লাখ মাছৰ পোনা ৷ কেৱল সেয়াই নহয় বহিঃ ৰাজ্যৰ লোকো আহে পামখনলৈ ৷ ভাৰ্গৱ ভাগৱতীৰ মীন পাম খনত বছৰে প্ৰায় ১০ টনৰো অধিক মাছৰ পোনা উৎপাদন কৰি এক অভিলেখ সৃষ্টি কৰিছে ভাৰ্গৱ ভাগৱতীয়ে।এই মাছৰ পোনা উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইখন ৰাজ্য লৈ বিক্ৰী হয় বুলি প্ৰকাশ কৰে মীনপালক ভাৰ্গৱে। যিটো সময়ত ৰাজ্যত নিবনুৱাৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে সেইটো সময়তে বিশ্বনাথৰ পাভৈৰ ভাৰ্গৱ ভাগৱতীয়ে দেখুৱালে এক আদৰ্শ ৷ প্ৰায় ৩৬ টা বৃহৎ পুখুৰী আৰু বিজ্ঞান সন্মত ভাৱে মাছৰ পোনা উৎপাদন কৰি দেখুৱালে এক উৎকৃষ্ট উদাহৰণ ৷ পাভৈ মীন পামখনলৈ ইতিমধ্যে অৰুণাচলৰ পৰা বহুলোকে ভাৰ্গৱ ভাগৱতীৰ ওচৰত প্ৰশিক্ষণ লৈছে ৷ তাৰোপৰি মীন পালনেৰে উপাৰ্জন কৰি আহিছে হাজাৰ হাজাৰ টকা ৷ নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো স্বাৱলম্বনৰ পথ দেখুৱাইছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে ৷