অসম

assam

By

Published : Aug 8, 2019, 9:52 PM IST

ETV Bharat / state

আৰম্ভ হ'ল প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত ডাঃ সান্ত্বনা বৰদলৈ,লগতে সাংস্কৃতিক জগতৰ বহু ৰথী-মহাৰথী ৷

আৰম্ভ হ'ল প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

বিশ্বনাথ, 8 আগষ্টঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ ৷ বিয়লি তিনি বজাত অনুষ্ঠিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে। লগতে উপস্থিত থাকে যশস্বী পৰিচালিকা ৰীমা বৰা,স্থিৰ আলোকচিত্ৰ শিল্পী নলিন বৰুৱা৷ বিশ্বনাথ চাৰিআলিৰ শতৰূপা কম্পপ্লেক্স পাভৈ টকীজত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো উপস্থিত থকাৰ সম্ভাৱনা। ইফালে অনুষ্ঠানত বহু কেইগৰাকী চিত্ৰ শিল্পীক সম্বৰ্দ্ধনা জনাই বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই ৷

আৰম্ভ হ'ল প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

আনহাতে অনুষ্ঠানত উপস্থিত থাকে অভিনেতা জ্যোতি ভূঞা,যুৱ পৰিচালক অনুপম কৌশিক বৰা,গায়ক বিদ্যাসাগৰ আৰু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উদ্বোধনী অনুষ্ঠানৰ পাছতেই বিয়লি ৪ বজাত মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হয় ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “মাজ ৰাতিৰ কেতেকী”আৰু সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা হয় অনুপম কৌশিক বৰাৰ জনপ্ৰিয় ছবি বৰনদী ভটিয়ায়। দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি কালিলৈ পুৱা ১০-৩০ বজাতো এই ছবিখনৰ পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সমাৰোহত শুকুৰবাৰে প্ৰদৰ্শিত হ'বলগীয়া আন আন ছবিসমূহ হ'ল- বিয়লি ১-১৫ বজাত জয়চেং জয় দহোটীয়াৰ হান্দুক,৪ বজাত ৰীমা বৰাৰ বকুল আৰু সন্ধ্যা সাত বজাত ভাস্কৰ হাজৰিকাৰ কথানদী। জিলাখনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে আয়োজিত এই অনুষ্ঠানত বিশ্বনাথ জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজকসকলে।

ABOUT THE AUTHOR

...view details