বিশ্বনাথ, 24 এপ্ৰিলঃ বৃহস্পতিবাৰে জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকাৰ বিয়োগ ঘটে ৷ সুদীৰ্ঘ ২২ বছৰ ধৰি বিশ্বনাথ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগত অধ্যাপনা কৰা সদানন্দ হাজৰিকাই পিছলৈ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। জটিল ৰোগত আক্ৰান্ত হৈ থকা হাজৰিকাৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয়। সদানন্দ হাজৰিকাৰ বিয়োগত শোকস্তব্ধ বিশ্বনাথ মহাবিদ্যালয়কে তেখেতে অধ্যাপনা কৰা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৰিয়াল ৷
ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকাৰ বিয়োগ
জটিল ৰোগত আক্ৰান্ত হৈ থকা হাজৰিকাৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয়।
ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকাৰ বিয়োগ