বিশ্বনাথ,26 মাৰ্চঃ আৰম্ভ হ'লবিশ্বনাথ জিলা বিদ্যালয় ক্ৰীড়া সমাৰোহ ৷ অসম চৰকাৰৰ শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত ৰাজ্য খনৰ ভিতৰতেই পোন প্ৰথমবাৰৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত আৰু কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনস্থ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আৰম্ভ হ'ল ক্ৰীড়া সমাৰোহ ৷
বিশ্বনাথ জিলা বিদ্যালয় ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভ - মিষ্টাৰ ৱৰ্ল্ড- ২০১৭
ক্ৰীড়া সমাৰোহৰ শিখা প্ৰজ্বলন কৰে মিষ্টাৰ ৱৰ্ল্ড- ২০১৭ গৌতম কলিতাই
![বিশ্বনাথ জিলা বিদ্যালয় ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2801216-214-7fe293a0-12c3-4b70-a6a2-6725a04f4a5b.jpg)
সোমবাৰে পুৱা 8 বজাত ক্ৰীড়া সমাৰোহৰ শিখা প্ৰজ্বলন কৰে মিষ্টাৰ ৱৰ্ল্ড- ২০১৭ গৌতম কলিতাই ৷ শিখা প্ৰজ্বলনত সহযোগিতা আগবঢ়ায় আন্তঃৰাষ্ট্ৰীয় কাৰাটেত পদকপ্ৰাপ্ত মিলনজ্যোতি বৰদলৈ,চোনম লামা আৰু আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডত পদকপ্ৰাপ্ত খেলুৱৈ সুৰজিত শৰ্মাই । বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে পতাকা উত্তোলন কৰা ক্ৰীড়া সমাৰোহ খনৰ খেল পথাৰ উন্মোচন কৰে শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া তথা আয়োজক সমিতিৰ সভানেত্ৰী মনোৰমা দাসে । ক্ৰীড়া সমাৰোহ খনিলৈ আগমণ ঘটিছে বিশ্বনাথ জিলাৰ সৰ্বমুঠ 92 খন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী ৷